প্ৰথমবাৰৰ বাবে ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালন
কোকৰাঝাৰ, ০১ জুলাই (হি.স.)। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম স্থিত ফকিৰাগ্ৰাম মহাবিদ্যালয়ত মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰা হয়। উল্লেখ্য যে ৩১ বছৰৰ পিছত এই বেলি প্ৰথমবাৰৰ বাবে ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হই বুলি মহাবিদ
প্ৰথমবাৰৰ বাবে ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালন


কোকৰাঝাৰ, ০১ জুলাই (হি.স.)। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম স্থিত ফকিৰাগ্ৰাম মহাবিদ্যালয়ত মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰা হয়। উল্লেখ্য যে ৩১ বছৰৰ পিছত এই বেলি প্ৰথমবাৰৰ বাবে ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হই বুলি মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ মনোজ কুমাৰ ব্ৰহ্মই জানিব দিয়ে।

উক্ত অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে ফকিৰাগ্ৰাম মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কৃষ্ণ চন্দ্ৰ নাথে ,পূজা অৰ্চনাৰ লগতে দুপৰীয়া এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। উক্ত আলোচনা চক্ৰত উপস্থিত থাকে ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মনোজ কুমাৰ ব্ৰহ্ম, ফকিৰাগ্ৰাম মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কৃষ্ণ চন্দ্ৰ নাথ, ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰশান্ত কুমাৰ সাহা ৰয়ৰ লগতে মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা, অইন অইন বিশিষ্ট ব্যক্তি সকল আৰু ছাত্ৰ ছাত্ৰী সকল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande