নাৰায়ণপুৰত বানপানী, পুনৰ চিঙিল শিমলুগুৰি-হাৱাজান সংযোগী পথ
জলমগ্ন বৃহত্তৰ অঞ্চল লখিমপুৰ, ০১ জুলাই (হি.স.)। নাৰায়ণপুৰত বানপানী ৷ পুনৰ চিঙিল শিমলুগুৰি-হাৱাজান সংযোগী পথ ৷ জলমগ্ন বৃহত্তৰ অঞ্চল । যোৱাৰাতি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা চেঁচানদীৰ বাঢ়নি পানীয়ে নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্
নাৰায়ণপুৰত বানপানী, পুনৰ চিঙিল শিমলুগুৰি-হাৱাজান সংযোগী পথ


জলমগ্ন বৃহত্তৰ অঞ্চল

লখিমপুৰ, ০১ জুলাই (হি.স.)। নাৰায়ণপুৰত বানপানী ৷ পুনৰ চিঙিল শিমলুগুৰি-হাৱাজান সংযোগী পথ ৷ জলমগ্ন বৃহত্তৰ অঞ্চল ।

যোৱাৰাতি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা চেঁচানদীৰ বাঢ়নি পানীয়ে নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বহুকেইখন গাঁও প্লাবিত কৰিছে ৷ উল্লেখ্য যে, চেঁচা মথাউৰিৰ উন্মক্ত অংশৰে পানী বাগৰি অহাত চেঁচা মিছিং গাঁও, ফুটাভোগ, নাওঘূলি আদি অঞ্চলসমূহ নদীখনৰ বানে প্লাবিত কৰিছে ৷

বাঢ়নী পানীয়ে নতুনকৈ ৰোৱা শালিধানৰ খেতি বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে আবাস গৃহ সমুহৰো যথেষ্ট ক্ষতি কৰিছে ৷ ইফালে অসম মালা আঁচনিত নিৰ্মাণৰত হাৱাজান-শিমলুগুৰি সংযোগী পথটোৰ পুনৰ দুটা বৃহৎ অংশ চিঙি যোৱাত চৌদিশে হাহাকাৰময় পৰিৱেশৰ সূচনা হৈছে ৷ যাতায়াত বিঘ্নিত হৈ পৰিছে ৷ ঘৰ, দোৱাৰ, পথ, বিদ্যালয় আদি সকলোকে পানী সোমাই অনিষ্ট কৰিছে ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande