যোৰহাট জিলা দিৱস উপলক্ষে লাচিত মৈডামত সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ
যোৰহাট, ০১জুলাই (হি.স.)। যোৰহাট জিলা দিৱস উপলক্ষে লাচিত মৈডামত সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ । ১ জুলাইৰ দিনটো যোৰহাট জিলা দিৱস হিচাপে উদযাপন কৰা হয়। পূৰ্বৰ দৰে এইবাৰো জিলা দিৱসটো দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে। জিলা প্ৰশাসনৰ উদ্যোগ তথা সহযোগত জিলাখনৰ ব
যোৰহাট জিলা দিৱস উপলক্ষত লাচিত মৈডামত সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ


যোৰহাট, ০১জুলাই (হি.স.)। যোৰহাট জিলা দিৱস উপলক্ষে লাচিত মৈডামত সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ । ১ জুলাইৰ দিনটো যোৰহাট জিলা দিৱস হিচাপে উদযাপন কৰা হয়। পূৰ্বৰ দৰে এইবাৰো জিলা দিৱসটো দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে। জিলা প্ৰশাসনৰ উদ্যোগ তথা সহযোগত জিলাখনৰ বিভিন্ন প্ৰান্তৰ সামাজিক অনুষ্ঠান সমূহৰ সহযোগত বিভিন্ন অনুষ্ঠান ইতিমধ্যে অনুষ্ঠিত হৈছে।

বিশেষকৈ কালি সন্ধিয়া জিলা প্ৰশাসনে জিলা দিৱস উপলক্ষে লাচিত মৈডামত এক সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰে য'ত অসম আৰক্ষী,অসম ৰাইফলছ,ইণ্ডিয়ান আৰ্মিৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত থকা বিভিন্ন সু-ব্যৱস্থা প্ৰদৰ্শন কৰা হয়। ইপিনে আজি জিলা খনৰ বিভিন্ন প্ৰান্তত গ্ৰন্থদান,ৰক্ত দান আদি কাৰ্যসূচী অনুষ্ঠিত হ'য় আৰু জিলা প্ৰশাসনৰ কাৰ্যালয় প্ৰাংগণত দুপৰীয়া মূল সভা অনুষ্ঠিত কৰি নিশালৈ মহাপুৰুষীয়া ভাওনা প্ৰদৰ্শনেৰে দুদিনীয়া কাৰ্যসূচীৰ সমাপ্ত হ'ব বুলি জানিবলৈ দিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande