গোৱালপাৰা জিলাৰ ধনুভাঙা উচ্চ মাধ্যমিক বিদ্যালয়ত চুৰিকাণ্ড
গোৱালপাৰা, ০১জুলাই (হি.স.)। গোৱালপাৰা জিলাৰ ধনুভাঙা উচ্চ মাধ্যমিক বিদ্যালয়ত এক চুৰিকাণ্ড সংঘটিত হয়৷ চলিত বৰ্ষতে দুবাৰকৈ বিদ্যালয় খনত চুৰিকাণ্ড সংঘটিত হয় ৷ চোৰে লৈ গ’ল বিদ্যালয় খনৰ প্ৰধান শিক্ষকে ব্যৱহাৰ কৰা গুৰুত্বপূৰ্ণ তথ্যপাতি থকা কম্পিউটাৰ চেট ৷ ব
গোৱালপাৰা জিলাৰ ধনুভাঙা উচ্চ মাধ্যমিক বিদ্যালয়ত চুৰিকাণ্ড


গোৱালপাৰা, ০১জুলাই (হি.স.)। গোৱালপাৰা জিলাৰ ধনুভাঙা উচ্চ মাধ্যমিক বিদ্যালয়ত এক চুৰিকাণ্ড সংঘটিত হয়৷ চলিত বৰ্ষতে দুবাৰকৈ বিদ্যালয় খনত চুৰিকাণ্ড সংঘটিত হয় ৷ চোৰে লৈ গ’ল বিদ্যালয় খনৰ প্ৰধান শিক্ষকে ব্যৱহাৰ কৰা গুৰুত্বপূৰ্ণ তথ্যপাতি থকা কম্পিউটাৰ চেট ৷ বিদ্যালয়ৰ পিছফালৰ খিৰিকীৰে চোৰ সোমাই বাৰাণ্ডাত সংস্থাপিত চি.চি.টি.ভি. ওপৰমুৱা কৈ ৰাখি চোৰ সোমাল কম্পিউটাৰ কক্ষত ৷

পৰৱৰ্তী পৰ্যায়ত অন্য শ্ৰেনীৰ কোঠাৰ দুৱাৰ ভাঙি চিলিঙেৰে পুনৰ চোৰে কম্পিউটাৰ কক্ষত প্ৰৱেশ কৰি চুৰ কৰি লৈ যায় কম্পিউটাৰ চেট ৷ আনহাতে বিদ্যালয় খনৰ শ্ৰেণীকোঠাৰ চিলিং ফেন ভাঙি থৈ যোৱাৰ লগতে লণ্ডভণ্ড কৰি থৈ যায় বিদ্যালয়ৰ আচবাব ৷ কম্পিউটাৰ চুৰি সংক্ৰান্তত বিদ্যালয় কতৃপক্ষই ধূপধৰা আৰক্ষীক অৱগত কৰিছে ৷ ধূপধৰা আৰক্ষীয়ে ইতিমধ্যে বিদ্যালয় খনত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande