মৰিগাঁও, ০১ জুলাই (হি.স.)। লাহৰীঘাটত পুনৰ চোৰাং চৰাই চিকাৰী গ্ৰেপ্তাৰ । যোৱা নিশা লাহৰীঘাট সমজিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে বালিপাৰা জংঘলত অভিযান চলাই তিনিজন চোৰাং চৰাই চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লগতে আৰক্ষীয়ে বিৰল প্ৰজাতিৰ চৰাই উদ্ধাৰ কৰে। ধৃত চোৰাং চিকাৰী কেইটা হল জয়নাল আবেদিন, আমিৰ উদ্দিন আৰু জয়নাল আবেদিন। লাহৰীঘাটৰ বিভিন্ন প্ৰান্তত চোৰাং চিকাৰীয়ে বিৰল প্ৰজাতিৰ চৰাই ধৰি ১০০-১৫০ টকাত মাংসলোভী লোকৰ বিক্ৰী কৰি আহিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ