ধুবুৰী, ০১ জুলাই (হি.স.)। গোলাঘাটত মূখ্যমন্ত্ৰীৰ বাহনত একাংশ কংগ্ৰেছী সমৰ্থকে বটল দলিওৱাৰ বিৰুদ্ধে ধুবুৰীত আজি বিজেপিৰ প্ৰতিবাদ সাব্যস্ত। মন্ত্ৰী ৰঞ্জিত দাসে অংশগ্ৰহণ কৰিলে প্ৰতিবাদী ধ্বৰ্ণা কাৰ্যসূচীত। প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱাৰ সময়ত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী গৰাকী উল্লেখ কৰে যে–এপিচিচিৰ সভাপতি গৌৰৱ গগৈক ধুবুৰীত প্ৰৱেশ নিষিদ্ধ , গৌৰৱ গগৈক ক্ষমা খোজাৰ দাবী, অন্যথাই গৌৰৱ গগৈক ধুবুৰীত প্ৰৱেশ নিষিদ্ধ কৰী হব । কংগ্ৰেছ কৰ্মীয়ে মূখ্যমন্ত্ৰীৰ আক্ৰমণ কৰাক কাৰ্যৰ বিৰুদ্ধে ধুবুৰীত বিজেপিৰ প্ৰতিবাদ। তেও উল্লেখ কৰে যে, কংগ্ৰেছৰ মূখ্যমন্ত্ৰী সকলেও বহুত দুৰ্নীতি কৰিছিল, তথাপি কোনো দলে কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী সকলৰ বিৰুদ্ধে এনে ব্যৱহাৰ কৰা নাছিল। ধুবুৰী জিলা বিজেপিৰ যুৱ মৰ্চাৰ উদ্যোগত পাচমোৰত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী। প্ৰতিবাদস্থলীত গৌৰৱ গগৈ মূৰ্দাবাদ, কংগ্ৰেছৰ গুণ্ডগীৰি নচলিব আদি ধ্বনিৰে উত্তাল কৰি তোলে। প্ৰতিবাদত অংশগ্ৰহণ কৰে প্ৰাক্তন বিধায়ক তথা অবিচি মৰ্চাৰ.ৰাজ্যিক সভাপতি অশ্বিনী ৰায় সৰকাৰৰ লগতে বহু নেতা কৰ্মীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ