নগাঁও, ০১ জুলাই (হি.স.)। নগাঁৱৰ খ্ৰীষ্টানপট্টিৰ পৰা নিৰুদ্দেশ এগৰাকী জেষ্ঠ নাগৰিক।নিৰুদ্দিষ্ট জেষ্ঠ নাগৰিক গৰাকীক অঞ্চলটোৰ ৭৪ বছৰীয়া প্ৰকাশ ফুকন বুলি জানিব পৰা গৈছে। নগাঁৱত কন্যাৰ সৈতে ভাৰাঘৰত আছিল প্ৰকাশ ফুকন। পিতৃৰ নিৰুদ্দেশ সম্পৰ্কত কন্যাই অৱগত কৰিছে আৰক্ষীক ।
বিগত দুদিন ধৰি কোনো সন্ধান লাভ কৰা নাই প্ৰকাশ ফুকনৰ। কোনো লোকে ব্যক্তিজনৰ সম্ভেদ পালে ৭৮৯৬৩২৬৭২২ নম্বৰত যোগাযোগ কৰিবলৈ অথবা নিকটবৰ্তী আৰক্ষী থানাত অবগত কৰিবলৈ আহ্বান পৰিয়ালৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ