আহমেদাবাদ, ০৩ জুন (হি.স.)। দ্বিতীয়খন কোৱালিফায়াৰত মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি আই পি এল ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰিছে পঞ্জাব কিংছ দলে। দেওবাৰে এই ঐতিহাসিক জয়ৰ পিছত সোমবাৰে খেলৰ পূৰ্বে অনুষ্ঠিত সংবাদমেলৰ সময়ত অধিনায়ক শ্ৰেয়াছ আয়াৰে দলটোৰ এই পৰ্যন্ত যাত্ৰা, তেওঁৰ কৌশল আৰু চূড়ান্ত মেচখনৰ বিষয়ে মুকলিকৈ কয়।
শ্ৰেয়াছ আয়াৰে কয় যে, এজন অধিনায়কৰ কাম তেওঁৰ খেলুৱৈৰ পৰা সৰ্বোত্তম প্ৰদৰ্শন লাভ কৰা। আমি প্ৰতিযোগিতাখনৰ আৰম্ভণিতে গতি লাভ কৰিছিলোঁ আৰু তাৰ পিছত প্ৰতিজন খেলুৱৈয়ে দায়িত্ব লৈছিল। আমাৰ বহু যুৱ খেলুৱৈ আছে যিয়ে আৰম্ভণিৰে পৰাই শক্তিশালী প্ৰদৰ্শন কৰিছে। আমাৰ ফাইনেলত প্ৰৱেশ কৰাৰ এটা ডাঙৰ কাৰণ এইটোৱেই। যেতিয়া পঞ্জাৱ দলটোৱে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে আৰম্ভণিৰ বিপৰ্যয়ৰ সৈতে যুঁজি আছিল, তেতিয়া আয়াৰে ৪১টা বলত ৮৭ ৰানৰ অধিনায়কত্বৰ ইনিংছ খেলিছিল। এই সন্দৰ্ভত তেওঁ কয়, মই পৰিস্থিতি অনুসৰি খেলি ভাল পাওঁ। মই ৰান ৰেট, পিটচ আৰু বলাৰক চাই মোৰ কৌশল তৈয়াৰ কৰো। মই মেচখন শেষলৈকে লৈ যাবলৈ চেষ্টা কৰো। পৰিকল্পনাটো নিখুঁত হ'ব লাগে আৰু একেদিনাই কাম কৰিব লাগে।
জয়ৰ পিছত দলটোত উদযাপন চলি থকাৰ সময়তে আয়াৰক শান্ত যেন লাগিছিল। তেওঁ কয়, মই অনুভৱ কৰিছিলো যে মোৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই। চূড়ান্ত মেচখন এতিয়াও খেলিব বাকী আছে। মোৰ মনোযোগ আছিল আৰোগ্যৰ ওপৰত। মই এই চিন্তাৰে চাওঁ যে আধা কাম শেষ হৈছে, কাইলৈ মই খেলপথাৰলৈ উভতি আহিব লাগিব।
প্ৰথম কোৱালিফায়াৰত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ হাতত পৰাস্ত হোৱাৰ পিছত দলটোৱে কৌশল সলনি কৰে।
আয়াৰে কয়, প্ৰতিটো পৰিস্থিতি বেলেগ বেলেগ। আমি সেই অনুসৰি খেলো। আমি পোনপটীয়া পৰিকল্পনাৰে যাব নোৱাৰো। আমাৰ যুৱ খেলুৱৈসকল নিৰ্ভীক আৰু এতিয়া অভিজ্ঞতাও লাভ কৰিছে। তেওঁলোকে পৰিস্থিতিৰ সৈতে সোনকালে খাপ খাই পৰে। অৱশেষত আয়াৰে ফাইনেলৰ বাবে নিজৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰে। তেওঁ কয়, “আপুনি যেতিয়া খেলপথাৰত ভৰি দিয়ে তেতিয়া কেৱল প্ৰতিদ্বন্দ্বিতাহে থাকে। জিৰণি বুলি কোনো কথা নাই।এয়া যুদ্ধ আৰু মই মোৰ সকলো চেষ্টা কৰিম যাতে মোৰ দলটো বিজয়ী হয়।”
এতিয়া নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোডী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া আই পি এল ২০২৫ৰ ফাইনেলত এতিয়া পঞ্জাব কিংছৰ মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া