নতুন দিল্লী, ০৪ জুন (হি.স.)। ভাৰতীয় মহিলা হকী দলটোৱে এছিয়া কাপ ২০২৫ত ৫ ছেপ্টেম্বৰত থাইলেণ্ডৰ বিৰুদ্ধে এখন খেলৰ জৰিয়তে অভিযান আৰম্ভ কৰিব। ৫ ছেপ্টেম্বৰৰ পৰা ১৪ ছেপ্টেম্বৰলৈ চীনৰ হাংঝুত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। ভাৰতক পুল-বিত স্থান দিয়া হৈছে, য’ত ডিফেণ্ডিং চেম্পিয়ন জাপান, থাইলেণ্ড আৰু ছিংগাপুৰৰ দলো অন্তৰ্ভুক্ত কৰা হৈছে। পুল-এত আয়োজক চীনৰ লগতে কোৰিয়া, মালয়েছিয়া আৰু চাইনিজ টাইপেইৰ দল অন্তৰ্ভুক্ত কৰা হৈছে।
যোৱাবাৰ ব্ৰঞ্জৰ পদক লাভ কৰাত সফল হৈছিল টিম ইণ্ডিয়া, কিন্তু এইবাৰ ইয়াৰ দৃষ্টি স্বৰ্ণ পদকত থাকিব। বিশেষ কথাটো হ’ল এছিয়া কাপৰ খিতাপ জয় কৰা দলটোৱে ২০২৬ চনৰ মহিলা এফ আই এইচ হকী বিশ্বকাপৰ বাবে প্ৰত্যক্ষ অৰ্হতা লাভ কৰিব, যিয়ে প্ৰতিযোগিতাখনৰ গুৰুত্ব আৰু অধিক বৃদ্ধি কৰে।
অধিনায়ক ছালিমা টেটে উৎসাহিত
হকী ইণ্ডিয়াই জাৰি কৰা এক বিবৃতিত ভাৰতীয় অধিনায়ক ছালিমা টেটে কয়, এছিয়া কাপৰ অভিযানক লৈ আমি অতিশয় উৎসাহিত। জাপানৰ দৰে শক্তিশালী দলৰ সৈতে পুলত থাকিলে আমাৰ দক্ষতা আৰু মানসিক শক্তিৰ পৰীক্ষা হ'ব, কিন্তু ই আমাৰ বাবে আৰম্ভণিৰে পৰাই নিজৰ স্থিতি মূল্যায়ন কৰাৰ এক সুন্দৰ সুযোগো হ'ব। আমাৰ গুৰুত্ব হ'ব স্মাৰ্ট আৰু অনুশাসিত হকী খেলাৰ ওপৰত। আমাৰ লক্ষ্য হ'ব ট্ৰফী জয় কৰা আৰু বিশ্বকাপত স্থান নিশ্চিত কৰা।
প্ৰস্তুতিৰ মন্ত্ৰ ক’লে উপ-অধিনায়ক নৱনীত কৌৰে
দলৰ উপ-অধিনায়ক নৱনীত কৌৰে কয় যে, এই প্ৰতিযোগিতাখন প্ৰত্যাহ্বানমূলক হ'ব, কিয়নো এছিয়াৰ শীৰ্ষ দলসমূহে ইজনে সিজনৰ মুখামুখি হ'ব। আমি ইয়াক খেলপথাৰত আমাৰ সম্পূৰ্ণ শক্তি প্ৰদৰ্শনৰ সুযোগ হিচাপে চাইছো। আমি কঠোৰ প্ৰশিক্ষণ লৈছো আৰু প্ৰতিটো পৰিকল্পনা সঠিকভাৱে কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিম। জাপানৰ বিৰুদ্ধে পুল মেচখনে আমাৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি কৰিব।
২০১৭ চনত এছিয়া কাপৰ চেম্পিয়ন হৈছিল ভাৰত
ভাৰতীয় মহিলা হকী দলটোৱে শেষবাৰৰ বাবে ২০১৭ চনত এছিয়া কাপৰ খিতাপ দখল কৰিছিল, যেতিয়া ফাইনেলত চীনক পৰাস্ত কৰিছিল। তাৰ পিছৰে পৰা দলটো শক্তিশালী হৈ আহিছে আৰু এইবাৰ আকৌ এবাৰ খিতাপৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছে।
এছিয়া কাপ ২০২৫ত ভাৰতৰ পুল-বি মেচ:
৫ ছেপ্টেম্বৰ ২০২৫: ভাৰত বনাম থাইলেণ্ড
৬ ছেপ্টেম্বৰ ২০২৫: জাপান বনাম ভাৰত
৮ ছেপ্টেম্বৰ ২০২৫: ভাৰত বনাম ছিংগাপুৰ
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া