চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত ১১জন লোকৰ মৃত্যুত আৰ চি বিৰ শোক প্ৰকাশ
বেংগালুৰু, ০৫ জুন (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ খিতাপ দখল কৰা ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) দলৰ আদৰণি অনুষ্ঠানৰ পূৰ্বে সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। বুধবাৰে এম চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত প্ৰচণ্ড জনসমাগমৰ ফলত হোৱা হেঁচ
চিন্নাস্বামী ষ্টেডিয়াম


বেংগালুৰু, ০৫ জুন (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ খিতাপ দখল কৰা ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) দলৰ আদৰণি অনুষ্ঠানৰ পূৰ্বে সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। বুধবাৰে এম চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত প্ৰচণ্ড জনসমাগমৰ ফলত হোৱা হেঁচা থেলাৰ ঘটনাত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৩ জন আহত হয়।

এই ঘটনাৰ পিছতে আৰচিবি ফ্ৰেঞ্চাইজিয়ে এক বিবৃতি প্ৰকাশ কৰি শোক প্ৰকাশ কৰে। বিবৃতিটোত কোৱা হৈছে যে, আৰচিবিয়ে এই কৰুণ কাণ্ডৰ বাবে গভীৰভাৱে শোক প্ৰকাশ কৰিছে আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। সংবাদ মাধ্যমৰ বাতৰিৰ জৰিয়তে পোহৰলৈ অহা দুৰ্ভাগ্যজনক পৰিঘটনাসমূহে আমি অত্যন্ত দুখী। আমি সকলোৰে সুৰক্ষা আৰু মংগল সৰ্বোচ্চ বুলি বিবেচনা কৰোঁ।

দলটোক আদৰণি জনাই হাজাৰ হাজাৰ লোক সমবেত হৈছিল

আৰ চি বিৰ প্ৰথম আই পি এল খিতাপ উদযাপনৰ অংশ হিচাপে মুকলি বাছ পেৰেড আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ বাবে ষ্টেডিয়ামৰ বাহিৰত হাজাৰ হাজাৰ অনুৰাগী গোট খাইছিল। কিন্তু ভিৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবেই হুলস্থুলৰ সৃষ্টি হয়।

ক্ষতিপূৰণৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই এই ঘটনা নিশ্চিত কৰি কয় যে এই হেঁচা থেলাত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৩ জন লোক আহত হৈছে। তেওঁ মৃতকৰ পৰিয়ালক ১০ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।

অনুষ্ঠানত কৰা পৰিৱৰ্তন

আৰ চি বি ফ্ৰেঞ্চাইজিয়ে জনোৱা মতে, দুৰ্ঘটনাটোৰ বিষয়ে জানিব পৰাৰ লগে লগে তেওঁলোকে কাৰ্যসূচীটো চুটি কৰি স্থানীয় প্ৰশাসনৰ নিৰ্দেশনা মানি চলিছিল।

বিবৃতিটোত আৰু কোৱা হৈছে যে, “পৰিস্থিতিৰ বিষয়ে তথ্য পোৱাৰ লগে লগে আমি কাৰ্যসূচীত তাৎক্ষণিক পৰিৱৰ্তন কৰিলোঁ আৰু প্ৰশাসনৰ নিৰ্দেশনা সম্পূৰ্ণৰূপে অনুসৰণ কৰিলোঁ।”

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande