-পাঁচ লাখ লোকে একেলগে যোগাসন কৰি গিনিজ অভিলেখ গঢ়িবলৈ প্ৰস্তুতি
-নৌসেনাৰ আই এন এছ ডেগাত মোডীক আদৰণি জনাব মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী
বিশাখাপট্টনম, ২০ জুন (হি.স.)। একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত বিশাখাপট্টনমৰ সমুদ্ৰ তীৰত অনুষ্ঠিত হ’বলগীয়া যোগ কাৰ্যসূচীৰ বাবে অন্ধ্ৰ প্ৰদেশ চৰকাৰে সকলো প্ৰস্তুতি চলাইছে। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অংশগ্ৰহণৰ পৰিপ্ৰেক্ষিতত বিমানবন্দৰৰ পৰা সভাস্থলীলৈকে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। অন্ধ্ৰ প্ৰদেশ চৰকাৰে পাঁচ লাখ লোকে যোগাসন কৰাৰ লগতে ২৬,৩৯৫ জন জনজাতীয় ছাত্ৰ-ছাত্ৰীয়ে সূৰ্য্য নমস্কাৰ কৰাৰ অভিলেখ গঢ়িবলৈ গৈ আছে।
তথ্য অনুসৰি এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপৰি মুখ্যমন্ত্ৰী নাৰা চন্দ্ৰবাবু নাইডু আৰু উপ-মুখ্যমন্ত্ৰী পৱন কল্যানে বিশাখাপট্টনম উপস্থিত হ’ব। নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি শুকুৰবাৰে সন্ধিয়া ৭:৪৫ বজাত নৌসেনাৰ আই এন এছ ডেগাত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ পূৰ্বে বিশাখাপট্টনম বিমানবন্দৰত উপস্থিত হ’ব উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ আৰু মুখ্যমন্ত্ৰী নাইডু। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু উপ-মুখ্যমন্ত্ৰী পৱন কল্যানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আইএনএছ ডেগাত আদৰণি জনাব। ভিভিআইপি, ভিআইপি আৰু বিশিষ্ট ব্যক্তিৰ আগমনৰ বাবে বিশাখাপট্টনম বিমানবন্দৰত বিশেষ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। ডগ স্কোয়াডৰ সৈতে সমগ্ৰ বিমানবন্দৰৰ চৌহদ পৰীক্ষা কৰা হৈছে। ইতিমধ্যে বিশাখাপট্টনম বিমানবন্দৰত উপস্থিত হৈছে কেন্দ্ৰীয় গধুৰ উদ্যোগ আৰু তীখা মন্ত্ৰী ভূপতি ৰাজু শ্ৰীনিবাস ভাৰ্মা।
বিশাখাপট্টনমত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৫ কাৰ্যসূচীৰ বাবে ৰাজ্য চৰকাৰে আন এক গিনিজ বুক অভিলেখ গঢ়ি তোলাৰ দিশত কাম কৰি আছে। ইয়াৰ উপৰিও ২৬,৩৯৫ জন জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে মহানগৰীত সূৰ্য্য নমস্কাৰ পৰিবেশন কৰিবলৈ এক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এ ইউ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব সূৰ্য্য নমাস্কাৰ কাৰ্যসূচী। যদি বতৰ অনুকূল নহয় আৰু শনিবাৰে বৰষুণ হয় তেন্তে আৰ কে বিচ ৰোডত অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচী বাতিল হ’ব পাৰে আৰু সমগ্ৰ কাৰ্যসূচী এই স্থানতে অনুষ্ঠিত হ’ব।
ৰাজা চৰকাৰৰ মতে, ২১ জুনৰ পুৱা ৬.২৫ বজাৰ পৰা আৰম্ভ হ’ব যোগান্ধ্ৰ ২০২৫ কাৰ্যসূচী। অতিথিসকলে পুৱা ৬.৩০ বজাৰ পৰা পুৱা ৭ বজালৈ সম্বোধন কৰিব। পুৱা ৬.৩০ বজাৰ পৰা ৬.৪৫ বজালৈ ভাষণ দিব কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী, এ পিৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়ে। তাৰ পিছত প্ৰধানমন্ত্ৰীৰ ১৫ মিনিটৰ ভাষণ। ইয়াৰ পিছত পুৱা ৭ বজাৰ পৰা পুৱা ৭.৪৫ বজালৈ যোগাসন অনুষ্ঠিত হ’ব। ইয়াৰ লগে লগে যোগান্ধ্ৰ ২০২৫ৰ সামৰণি পৰিব।
প্ৰধানমন্ত্ৰীয়ে প্ৰত্য়ক্ষ কৰিব সূৰ্য্য নমস্কাৰ
তথ্য অনুসৰি বতৰ অনুকূল হ’লে আৰ কে বিচ ৰোডত যোগাসন কাৰ্যসূচীৰ অন্তত প্ৰধানমন্ত্ৰী মোডী আৰু মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে এ ইউ ইঞ্জিনিয়াৰিং কলেজৰ খেলপথাৰত আয়োজিত ছাত্ৰ-ছাত্ৰীৰ সূৰ্য্য নমস্কাৰ পৰিদৰ্শন কৰিব। এই কাৰ্যসূচীৰ বাবে ৰাজ্যিক পৰিবহণ নিগমে চুবুৰীয়া জিলাৰ ১০৬খন বিদ্যালয়ৰ জনজাতীয় ছাত্ৰ-ছাত্ৰীক ৪৯৫খন বাছেৰে বিশাখাপট্টনমলৈ লৈ আহিছে। যোগ দিৱসৰ কাৰ্যসূচীৰ মূল আকৰ্ষণ হ’ব সূৰ্য্য নমস্কাৰ কাৰ্যসূচী। আৰ কে বিচৰ পৰা ভীমিলিলৈ ২৬ কিলোমিটাৰ দৈৰ্ঘ্যত পাঁচ লাখ লোকৰ সৈতে যোগ দিৱস উদযাপনৰ জৰিয়তে অন্ধ্ৰ প্ৰদেশ চৰকাৰে গিনিজ অভিলেখ গঢ়িবলৈ আত্মবিশ্বাসী।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া