নতুন দিল্লী, ২০ জুন (হি.স.)। মধ্যপ্ৰাচ্যত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ বাবে এ এফ চি মহিলা এছিয়ান কাপ কোৱালিফায়াৰৰ গ্ৰুপ এ মেচ এতিয়া জৰ্ডানৰ পৰিৱৰ্তে কাটাৰত অনুষ্ঠিত হ’ব।
শুকুৰবাৰে এছিয়ান ফুটবল কনফেডাৰেচনে জনোৱা মতে, ২৩ জুনৰ পৰা ৫ জুলাইৰ ভিতৰত জৰ্ডানৰ ৰাজধানী আম্মানত অনুষ্ঠিত হ’বলগীয়া মেচসমূহ এতিয়া কাটাৰত ৭ জুলাইৰ পৰা ১৯ জুলাইলৈ অনুষ্ঠিত হ’ব।মেচখনৰ স্থান আৰু সময় অতি সোনকালে অৱগত কৰা হ’ব। ইৰাণ আৰু ইজৰাইলৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা বিমান আক্ৰমণ আৰু অঞ্চলটোত আমেৰিকাৰ সম্ভাৱ্য হস্তক্ষেপৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।
গ্ৰুপ এত আছে জৰ্ডান, ছিংগাপুৰ, ইৰাণ, লেবানন আৰু ভূটানৰ দল। এই দলসমূহে ২০২৬ চনৰ মাৰ্চ মাহত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া মহিলা এছিয়ান কাপ ২০২৬ৰ বাবে যোগ্যতা অৰ্জনৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে।
ছিংগাপুৰৰ ফুটবল এছ’চিয়েশ্যনে জনোৱা মতে, “অঞ্চলটোৰ বৰ্তমানৰ পৰিস্থিতি আৰু অংশগ্ৰহণকাৰী দলসমূহে উত্থাপন কৰা লজিষ্টিক উদ্বেগ”ৰ বাবেই প্ৰতিযোগিতাখন স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
মহিলা এছিয়ান কাপ কোৱালিফায়াৰত মুঠ আঠটা গ্ৰুপ আছে, প্ৰতিটো গ্ৰুপৰ বিজয়ীয়ে ২০২৬ চনত মূল প্ৰতিযোগিতাখনৰ বাবে যোগ্যতা অৰ্জন কৰিব।
আয়োজক অষ্ট্ৰেলিয়া, দক্ষিণ কোৰিয়া, জাপান আৰু ডিফেণ্ডিং চেম্পিয়ন চীনে ইতিমধ্যে প্ৰতিযোগিতাখনত নিজৰ স্থান নিশ্চিত কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া