প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰক দিলে ৫,৯১৮ কোটি টকাৰ উপহাৰ
পাটনা/ছিৱান, ২০ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে বিহাৰৰ ছিৱান জিলাৰ জছোলিত ৰাজ্যখনক ৫৯০০ কোটিৰো অধিক টকা উপহাৰ দিয়ে। ইয়াত গৃহ নিৰ্মাণ, নগৰ উন্নয়ন, জলশক্তি, বিদ্যুৎ আৰু ৰে’লপথৰ সৈতে জড়িত ২৮টা উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা আ
पीएम मोदी जनसभा को सम्बोधित करते हुए


পাটনা/ছিৱান, ২০ জুন (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে বিহাৰৰ ছিৱান জিলাৰ জছোলিত ৰাজ্যখনক ৫৯০০ কোটিৰো অধিক টকা উপহাৰ দিয়ে। ইয়াত গৃহ নিৰ্মাণ, নগৰ উন্নয়ন, জলশক্তি, বিদ্যুৎ আৰু ৰে’লপথৰ সৈতে জড়িত ২৮টা উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰা হয়। প্ৰধানমন্ত্ৰীয়ে ২২টা নগৰ উন্নয়ন প্ৰকল্প, ৬টা পথ প্ৰকল্প আৰু এটা ৰে’ল প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে, যাৰ মুঠ ব্যয় ৫,৯১৮ হাজাৰ কোটি টকা।

ইয়াৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৫৩,৬৬৬ গৰাকী গৃহহীন লোকক প্ৰথম কিস্তি প্ৰদান কৰা হয়। এই প্ৰকল্পসমূহৰ উদ্দেশ্য হৈছে বিহাৰৰ আন্তঃগাঁথনি শক্তিশালী কৰা।

প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰৰ বহু চহৰত ৫৯০০ কোটি টকা ব্যয় সাপেক্ষে নমামি গংগা প্ৰকল্পৰ অধীনত নলা পৰিশোধন প্লাণ্ট আৰু পানী যোগান প্ৰকল্প আৰম্ভ কৰে। ছিৱানৰ ভূমিৰ পৰা মুঠ ২৮খন আঁচনিৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

এই প্ৰকল্পসমূহৰ ভিতৰত আছে পানী যোগান আৰু নলা পৰিশোধন প্ৰকস্প। ইয়াৰ লক্ষ্য হৈছে বিহাৰৰ জনসাধাৰণক উন্নত সুবিধা প্ৰদান কৰা। এই প্ৰকল্পসমূহে বেগুছৰাই, চাপৰা, বাক্সাৰ, মতিহাৰী, সাছাৰাম, ছিৱান, আৰা আদি চহৰক উপকৃত কৰিব। লগতে বিহাৰৰ গ্ৰীড উপ-কেন্দ্ৰসমূহত ৫০০ মেগাৱাটৰ বেটাৰী শক্তি সংৰক্ষণ ব্যৱস্থাও স্থাপন কৰা হ’ব।

বিহাৰলৈ প্ৰধানমন্ত্ৰীৰ উপহাৰ-

১) এছ টি পি আৰু নলা প্ৰকল্পৰ আধাৰশিলাটোৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে বেগুছৰাইলৈ স্বচ্ছতা আৰু স্বাস্থ্যৰ উপহাৰ দিছে। এই প্ৰকল্প সম্পূৰ্ণ হোৱাৰ লগে লগে আধুনিক কৌশলেৰে লেতেৰা পানী পুনঃব্যৱহাৰ কৰা হ’ব, বেগুছৰাই পৰিষ্কাৰ আৰু স্বাস্থ্যসন্মত হ’ব।

২) ছিৱানক পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সুবিধাৰ সহযোগিতা প্ৰদান কৰি ৪৮০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ছিৱান নলা-নৰ্দমা নেটৱৰ্ক পৰিশোধন প্লাণ্ট আৰু পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয়। ইয়াৰ দ্বাৰা ছিৱানে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগতে পানী সংৰক্ষণ আৰু উন্নত নাগৰিক সুবিধা লাভ কৰিব।

৩) পূৱ চম্পাৰণৰ ৰক্সাউলত নলা ব্যৱস্থাপনা আৰু নলা পৰিশোধন প্লাণ্টৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। এই প্ৰকল্পই চহৰখন পৰিষ্কাৰ কৰি তুলিব আৰু লেতেৰা পানীৰ সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰিব। পশ্চিম চম্পাৰণলৈ প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰী মোডীৰ উপহাৰ বিশেষ কাৰণ ৬৯ কোটি টকাৰ বেটিয়া জল যোগান প্ৰকল্পৰ আধাৰশিলাৰে অঞ্চলটোৰ উন্নয়ন যাত্ৰাত এক নতুন অধ্যায় লিখা হৈছে।

৪) প্ৰধানমন্ত্ৰী মোদীয়ে বক্সৰৰ বাবে দুটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ ভেটি স্থাপন কৰিলে। নলা/চেপটেজ মেনেজমেণ্ট প্ৰজেক্ট আৰু আই এণ্ড ডি ছিৱেজ ট্ৰিটমেণ্ট প্লাণ্ট, যিয়ে চহৰৰ লেতেৰা পানী পৰিষ্কাৰ কৰিব, তাত নলাৰ সঠিক ব্যৱস্থাপনা হ’ব আৰু বক্সৰবাসীয়ে পৰিষ্কাৰ পৰিবেশ লাভ কৰিব।

কোন কোন উপস্থিত আছিল - এই উপলক্ষে ৰাজ্যপাল আৰিফ মহম্মদ খান, মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, বিজয় সিনহা, কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱান, কেন্দ্ৰীয় মন্ত্ৰী লল্লন সিং, কেন্দ্ৰীয় মন্ত্ৰী জিতন ৰাম মাঞ্জী, কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং আৰু বহু এন ডি এ নেতা উপস্থিত থাকে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande