ইণ্ডিয়ান অ’পেন অৱ চাৰ্ফিং ২০২৫: শ্ৰীকান্ত ডি নতুন চেম্পিয়ন, কমলী মূৰ্তিৰ দ্বৈত ৰাজত্ব অব্যাহত
মংগালুৰু, ২০ জুন (হি.স.)। তামিলনাডুৰ চাৰ্ফাৰসকলে পুনৰবাৰ নিজৰ আধিপত্য প্ৰদৰ্শন কৰি ইণ্ডিয়ান অ’পেন অৱ চাৰ্ফিং ২০২৫ত চাৰিওটা শাখাতে দখল কৰে। পুৰুষৰ মুকলি শাখাত শ্ৰীকান্ত ডিয়ে খিতাপ দখল কৰি প্ৰথমবাৰৰ বাবে চেম্পিয়ন হোৱাৰ বিপৰীতে কমলী মূৰ্তিয়ে মহিলা দ
ইণ্ডিয়ান অ’পেন অৱ চাৰ্ফিং ২০২৫


মংগালুৰু, ২০ জুন (হি.স.)। তামিলনাডুৰ চাৰ্ফাৰসকলে পুনৰবাৰ নিজৰ আধিপত্য প্ৰদৰ্শন কৰি ইণ্ডিয়ান অ’পেন অৱ চাৰ্ফিং ২০২৫ত চাৰিওটা শাখাতে দখল কৰে। পুৰুষৰ মুকলি শাখাত শ্ৰীকান্ত ডিয়ে খিতাপ দখল কৰি প্ৰথমবাৰৰ বাবে চেম্পিয়ন হোৱাৰ বিপৰীতে কমলী মূৰ্তিয়ে মহিলা দুয়োটা শাখাতে - অ’পেন আৰু গ্ৰমছ গাৰ্লছ (১৬ বছৰ অনুৰ্ধ)ত সফলতাৰে খিতাপ ৰক্ষা কৰে।

গ্ৰমছ বয়ছ (১৬ বছৰ অনুৰ্ধ)ত কঠিন প্ৰতিযোগিতাত জয়লাভ কৰে প্ৰহ্লাদ শ্ৰীৰাম। চাৰ্ফিং স্বামী ফাউণ্ডেশ্যনৰ উদ্যোগত, মন্ত্ৰ চাৰ্ফ ক্লাবৰ আয়োজনত আৰু চাৰ্ফিং ফেডাৰেচন অৱ ইণ্ডিয়া (এছ এফ আই)ৰ তত্বাৱধানত অনুষ্ঠিত এই সন্মানীয় প্ৰতিযোগিতাখন।

শ্ৰীকান্ত ডিৰ ইতিহাসৰ সৃষ্টি-

যোৱা বছৰ ৰানাৰ্ছ আপ হোৱা শ্ৰীকান্ত ডিয়ে এইবাৰ এক বিশেষ প্ৰত্যাৱৰ্তন কৰি পুৰুষৰ মুকলি শাখাত ১৪.৬৩ পইণ্টেৰে খিতাপ দখল কৰে। ৰাষ্ট্ৰীয় চেম্পিয়ন ৰমেশ বুডিলালে ১১.৮৭ পইণ্টেৰে দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে শিৱৰাজ বাবু (৯.৭৭) আৰু সঞ্জয় চেলভামণি (৭.০৭) ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে।

কমল মূৰ্তিৰ এই দ্বৈত কৃতিত্ব তামিলনাডুৰ কমল মূৰ্তিয়ে মহিলা চাৰ্ফিঙত নিজৰ আধিপত্য বজাই ৰাখি মুকলি আৰু গ্ৰুমছ গাৰ্লছ (১৬ বছৰ অনুৰ্ধ) দুয়োটা শাখাতে খিতাপ দখল কৰে।

মহিলাৰ মুকলি ফাইনেলত চুগাৰ শান্তি বনৰাছে (১০.৫০)ক ১৩.৩৩ স্ক’ৰেৰে পৰাস্ত কৰে।

গ্ৰুমছ গাৰ্লছৰ ফাইনেলত তেওঁ সমগ্ৰ প্ৰতিযোগিতাখনৰ সৰ্বোচ্চ স্ক’ৰ—১৫.৫০—আদ্যা সিং (২.৩৬) আৰু সানভি হেগডে (২.২০)ক ডাঙৰ ব্যৱধানত পৰাস্ত কৰে।

যুৱ প্ৰতিভাৰ উত্থান-

গ্ৰমছ বয়ছ (১৬ বছৰ অনুৰ্ধ) শাখাত তামিলনাডুৰ প্ৰহ্লাদ শ্ৰীৰামে কঠোৰ প্ৰতিযোগিতাত ১১.০৬ পইণ্টেৰে জয়লাভ কৰে। দেশৰ উদীয়মান যুৱ চাৰ্ফিং প্ৰতিভাৰ গভীৰতা দেখুৱাই ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰি হৰিশ পি (৯.৬৭) আৰু সোম ছেঠীয়ে (৯.৩০) স্থান দখল কৰে।

প্ৰথমে ৩০ মে’ৰ পৰা ১ জুনলৈ অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানটো আগতীয়া বাৰিষা আৰু ঘূৰ্ণীবতাহৰ পৰিস্থিতিৰ বাবে পিছুৱাই দিবলগীয়া হৈছিল। খেলুৱৈসকলৰ সুৰক্ষা আৰু ন্যায্য প্ৰতিযোগিতাৰ কথা মনত ৰাখি আয়োজকসকলে বন্ধ দুৱাৰৰ আঁৰত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰে, কেৱল অংশগ্ৰহণকাৰী আৰু বিষয়াসকলেহে অংশগ্ৰহণ কৰে।

অনুষ্ঠানৰ সফলতাক লৈ আয়োজকসকলৰ প্ৰতিক্ৰিয়াঃ

ভাৰতীয় চাৰ্ফিং ফেডাৰেচনৰ উপ-সভাপতি তথা মন্ত্ৰ চাৰ্ফ ক্লাবৰ সঞ্চালক ৰামমোহন পৰঞ্জপে কয়, যদিও আমি প্ৰাৰম্ভিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলো, অৱশেষত আমি এই প্ৰতিযোগিতাখন সফলভাৱে আয়োজন কৰিবলৈ সক্ষম হ'লোঁ। ইণ্ডিয়ান অ'পেন অৱ চাৰ্ফিং হৈছে নেচনেল চেম্পিয়নশ্বিপ ছিৰিজৰ এক গুৰুত্বপূৰ্ণ মঞ্চ আৰু ইয়াৰ বাতিলৰ ফলত খেলুৱৈৰ ৰেংকিঙত প্ৰভাৱ পৰিলহেঁতেন। আমি সকলো বিজয়ীক অভিনন্দন জনাইছো আৰু শলাগ লৈছো আৰু প্ৰতিজন খেলুৱৈৰ ক্ৰীড়াবিদ্যা আৰু নিষ্ঠাৰ শলাগ লৈছো।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande