
হাৰাৰে, ২৫ জুলাই (হি.স.)। জিম্বাবুৱেৰ যুৱ বেটছমেন ব্রায়ান বেনেটে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ আন এক ডাঙৰ মাইলৰ খুঁটিৰ ওচৰ চাপিছে। শনিবাৰে হাৰাৰেত ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া দুখন মেচৰ টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচত মাত্ৰ ১০ ৰান সংগ্ৰহ কৰিলে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২০০০ ৰান সংগ্ৰহ কৰা তৃতীয়জন জিম্বাবুৱেৰ বেটছমেন হিচাপে পৰিগণিত হ’ব।
প্ৰথম টি-২০ত এক ৰাণ নকৰাকৈয়ে বেনেট আউট হৈছিল। ইয়াৰ পিছতো এতিয়া তেওঁ ৬২টা টি-২০ আন্তঃৰাষ্ট্ৰীয় ইনিংছত গড়ে ৩৫.৫৩ আৰু ১৪৩.৩৭ ষ্ট্ৰাইক ৰেটত ১৯৯০ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁ এটা শতক আৰু ১২টা অৰ্ধশতক অৰ্জন কৰিছে, য’ত তেওঁৰ সৰ্বোচ্চ স্ক’ৰ হৈছে ১১১।
এতিয়ালৈকে জিম্বাবুৱেৰ হৈ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২০০০ ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰিছে কেৱল ছিকন্দাৰ ৰাজা আৰু ৰিয়ান বাৰ্লে। এক শতক আৰু ১৭টা অৰ্ধশতককে ধৰি ১৩৭খন খেলৰ ১৩২খন ইনিংছত ৩১৪৪ ৰান সংগ্ৰহ কৰিছে ছিকন্দৰ ৰাজাই। ইফালে ৰিয়ান বাৰ্লে ১২২খন মেচৰ ১১৩খন ইনিংছত ২০৪০ ৰান সংগ্ৰহ কৰি চাৰিটা অৰ্ধশতক অৰ্জন কৰিছে।
ভাৰতৰ বিৰুদ্ধে ব্রায়ান বেনেটৰ অভিলেখো আকর্ষণীয়৷ ৭ ইনিংছত গড়ে ২৮.০০ আৰু ষ্ট্ৰাইক ৰেট ১৫১ৰ ওপৰত ১৬৮ ৰান সংগ্ৰহ কৰিছে।এই সময়ছোৱাত তেওঁৰ এটা অৰ্ধশতকও আছে। চলিত বৰ্ষত খেলা আই চি চি টি-২০ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে নট আউট ৯৭ ৰানৰ উজ্জ্বল ইনিংছ খেলিছিল। এই দ্বিতীয় টি-২০ত বেনেটে ২০০০ টি-২০ ৰান লাভ কৰাৰ সুযোগ পাব আৰু ভাৰতৰ বিৰুদ্ধে আন এক স্মৰণীয় প্ৰদৰ্শন আগবঢ়াব।
-----------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ