গুৱাহাটী, ২০ জুন(হি.স.)। গুৱাহাটী আই আই টি চৌহদত অনুষ্ঠিত ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই আই টি), গুৱাহাটীৰ সপ্তম সমাৱৰ্তন অনুষ্ঠানত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰে। সমাৱৰ্তন অনুষ্ঠানত ২৬৪ গৰাকী ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰা হয়।
সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি ৰাজ্যপাল আচাৰ্যই স্নাতক ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে আই আই টি গুৱাহাটীক উত্তৰ-পূৰ্বাঞ্চলৰ শৈক্ষিক উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে অধ্যাপক আৰু আই আই আই টি গুৱাহাটীৰ প্ৰশাসনিক বিভাগক প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে সমাৱৰ্তন অনুষ্ঠান সমূহ গৌৰৱৰ মুহূৰ্ত আৰু ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ এক নতুন অধ্যায়ৰ আৰম্ভণি।
একবিংশ শতিকাত তথ্য প্ৰযুক্তি খণ্ডৰ ক্ৰমবৰ্ধমান প্ৰাসংগিকতাক আলোকপাত কৰি ৰাজ্যপাল গৰাকীয়ে উল্লেখ কৰে যে আই টি যোগাযোগ, শিক্ষা, ব্যৱসায়, আৰু উদ্ভাৱনৰ বাবে এক শক্তিশালী অনুঘটক। তেওঁ ৰাষ্ট্ৰীয় উন্নয়নত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাত গুৰুত্ব আৰোপ কৰি কয় যে ডিজিটেল ৰূপান্তৰে ভাৰতক বিশ্ব প্ৰযুক্তিৰ নেতা হোৱাৰ দিশত আগুৱাই লৈ গৈছে।
ভাৰতৰ সুন্দৰ পিচাই আৰু সত্য নাডেলাৰ দৰে ভাৰতীয় মূলৰ কাৰীকৰি বিশেষজ্ঞক বিশ্বব্যাপী প্ৰেৰণা হিচাপে উল্লেখ কৰে, আৰু স্নাতক সকলক উদ্ভাৱন, নেতৃত্ব, আৰু প্ৰভাৱৰ একেধৰণৰ পথ আকোৱালি ল’বলৈ উৎসাহিত কৰে। তেওঁ কয়, “আপুনি কেৱল কৰ্মশক্তিত প্ৰৱেশ কৰা নাই—আপুনি প্ৰযুক্তিগত পৰিৱৰ্তনৰ যুগত প্ৰৱেশ কৰিছে।”
ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ সৈতে সংগতি ৰাখি এক শক্তিশালী শৈক্ষিক আৰু নৈতিক ভেটি দ্ৰুতগতিত গঢ়ি তোলাৰ বাবে, আৰু কৃত্ৰিম বুদ্ধিমত্তা, তথ্য বিজ্ঞান, আৰু কোৱাণ্টাম কম্পিউটিঙৰ দৰে ন ন ক্ষেত্ৰসমূহত গৱেষণাৰ পোষকতা কৰাৰ বাবে ৰাজ্যপাল গৰাকীয়ে ২০১৩ চনত প্ৰতিষ্ঠা হোৱা আই আই টি গুৱাহাটীক প্ৰশংসা কৰে।
ৰাজ্যপাল আচাৰ্যই ছাত্ৰ-ছাত্ৰী সকলক তথ্যৰ গোপনীয়তা, পৰিৱেশ বহনক্ষমতা, আৰু ডিজিটেল বৈষম্যৰ দৰে বিশ্বব্যাপী প্ৰত্যাহ্বান সমূহ দায়িত্ব আৰু নৈতিক অখণ্ডতাৰে মোকাবিলা কৰিবলৈ আহ্বান জনায়। ডিজিটেল আন্তঃগাঁথনিৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ প্ৰশংসা কৰি—ইউপিআইৰ পৰা মহাকাশ অভিযানলৈকে—ৰাজ্যপাল গৰাকীয়ে সমগ্ৰ গ্ৰাম্য আৰু নগৰীয়া ভাৰতৰ ডিজিটেল বিভাজন দূৰ কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী গ্ৰামীণ ডিজিটেল সাক্ষৰতা অভিযানৰ দৰে ডিজিটেল সাক্ষৰতাৰ পদক্ষেপৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰা ‘বিকচিত ভাৰত ২০৪৭’ দৃষ্টিভংগীৰ সৈতে নিজকে একাকাৰ কৰিবলৈ ৰাজ্য়পাল গৰাকী স্নাতক ছাত্ৰ-ছাত্ৰী সকলক আহ্বান জনায়, যাতে এখন উন্নত, সৰ্বাংগীন, আৰু স্বাৱলম্বী ভাৰত গঢ়ি তোলাত সক্ৰিয়ভাৱে অৰিহণা যোগাব পাৰে।
ৰাজ্য়পাল গৰাকী উল্লেখ কৰে যে, দেশৰ প্ৰাক্তণ ৰাষ্ট্ৰপতি প্ৰয়াত ড° এ.পি.জে. আব্দুল কালামে ছাত্ৰ-ছাত্ৰী সকলক ডাঙৰ সপোন দেখিবলৈ, কঠোৰ পৰিশ্ৰম কৰিবলৈ, আৰু জাতি আৰু মানৱতা দুয়োটাৰে সেৱা কৰিবলৈ আহ্বান জনাইছিল, ‘এই সমাৱৰ্তন শেষ নহয়—এয়া এক ভৱিষ্যতৰ আৰম্ভণি, উৎকৃষ্টতা আৰু সেৱাৰ দ্বাৰা সংজ্ঞায়িত। অসমে আপোনাক লৈ গৌৰৱ কৰে, ভাৰতে আপোনাক বিশ্বাস কৰে, আৰু আই আই টি গুৱাহাটীয়ে সদায় আপোনাৰ কাষত থিয় দিব।’
আজিৰ অনুষ্ঠানত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক সুধীৰ কুমাৰ জৈন, ইনষ্টিটিউটৰ ব’ৰ্ড অৱ গভৰ্ণৰ অধ্যক্ষ সত্যব্ৰত দে, সঞ্চালক, অধ্যাপক শৰৎ কুমাৰ পাত্ৰ, পঞ্জীয়ক, ড০ পল্লৱ বৰুৱা, গভৰ্নিং ব’ৰ্ডৰ সদস্য আৰু চেনেটৰ ডীন, অধ্যাপক সদস্য, আৰু সকলো বিভাগৰ বিষয়াসকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ