ধুবুৰী, ২০ জুন (হি.স.): অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে যোৱাকালি বৃহস্পতিবাৰে বিয়লি ধুবুৰী বন বিভাগে অভিযান চলায়। গৌৰীপুৰ পিয়াঁজবাৰী টোপ-পাৰা গাঁৱত চলোৱা অভিযানত অবৈধ কাটফলা মেইল সহ চোৰাং কাঠ জব্দ কৰা হয়।
দীৰ্ঘদিনে চলোৱা অবৈধভাৱে বনৰীয়া মূল্যবান কাঠ চিৰাই কৰা মেচিন জব্দ কৰা হৈছে। পিছত মেচিন সহ চোৰাং কাঠ জব্দ কৰি গৌৰীপুৰ খণ্ড বন বিষয়াৰ কাৰ্যলয়ত ৰাখে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ