গুৱাহাটী,২০ জুন (হি.স.)। কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয় । জিলা আয়ুক্ত সুমিত সাত্তাৱানে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে । কলাগুৰুৰ অতুলনীয় তথা বিশাল সৃষ্টিৰাজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰি জিলা আয়ুক্তগৰাকীয়ে ৰাভাদেৱৰ স্মৃতি চিৰযুগমীয়া কৰাৰ অৰ্থে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ কথা উল্লেখ কৰে ।
একেদৰে জিলা প্ৰশাসনৰ উদ্যোগত মহানগৰীৰ স্কুলসমূহৰ প্ৰাত:সভাত শিক্ষাৰ্থীসকলক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন সন্দৰ্ভত বিশিষ্ট ব্যক্তিসকলে বক্তব্য আগবঢ়ায় । জিলা প্ৰশাসনৰ হৈ দক্ষিণ বেলতলা এম.ই স্কুলত দিছপুৰ সমজিলাৰ সহকাৰী আয়ুক্ত বন্দিতা কাশ্যপ, সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ডিমৰীয়া সমজিলাৰ সহকাৰী আয়ুক্ত হিৰকজ্যোতি শইকীয়া, বৰবাৰী হাইস্কুলত নিউ গুৱাহাটী সমজিলাৰ সহকাৰী আয়ুক্ত হেমপ্ৰভা কলিতা, জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জালুকবাৰী সমজিলাৰ সহকাৰী আয়ুক্ত নৱজ্যোতি নাথ আৰু কামৰূপ একাডেমিত চেণ্ট্ৰেল গুৱাহাটীৰ সহকাৰী আয়ুক্ত বেনজিৰ ইলিয়াছ উপস্থিত থাকি শিক্ষাৰ্থীসকলক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দেশপ্ৰেম তথা আদৰ্শেৰে আগবাঢি যাবলৈ আহ্বান জনায় । বিষ্ণু ৰাভা দিৱসৰ সৈতে সংগতি ৰাখি বিদ্যালয়সমূহত বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হয় ।
আজিৰ এই অনুষ্ঠানতে নলবাৰী জিলাত অনুষ্ঠিত কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসৰ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ উপভোগ কৰা হয় ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী