আই পি এল ২০২৫ঃ ১১ বছৰৰ পাছত ফাইনেলত প্ৰৱেশ পঞ্জাব কিংছ, শ্ৰেয়াছ আয়াৰৰ ধুমুহাত দিশহাৰা মুম্বাই
–এতিয়া আইপিএল ২০২৫ ত নতুন চেম্পিয়ন, খিতাপৰ বাবে আৰচিবিৰ মুখামুখি আহমেদাবাদ, ০২ জুন (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল ২০২৫)ত নতুনকৈ বিজয়ী লাভ কৰিবলৈ ওলাইছে। দ্বিতীয় কোৱালিফায়াৰত পঞ্জাব কিংছে মুম্বাই ইণ্ডিয়ানছক ৫ উইকেটত পৰাস্ত কৰি ১১
शॉट खेलते पंजाब के कप्तान श्रेयस अय्यर


–এতিয়া আইপিএল ২০২৫ ত নতুন চেম্পিয়ন, খিতাপৰ বাবে আৰচিবিৰ মুখামুখি

আহমেদাবাদ, ০২ জুন (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল ২০২৫)ত নতুনকৈ বিজয়ী লাভ কৰিবলৈ ওলাইছে। দ্বিতীয় কোৱালিফায়াৰত পঞ্জাব কিংছে মুম্বাই ইণ্ডিয়ানছক ৫ উইকেটত পৰাস্ত কৰি ১১ বছৰৰ পাছত ফাইনেলত প্ৰৱেশ কৰে। বৰষুণ প্ৰভাৱিত এই মেচখনত অধিনায়ক শ্ৰেয়াছ আয়েৰে ৮৭ ৰানৰ বিস্ফোৰক ইনিংছ খেলি দলটোক ২০১ ৰানৰ অধিক লক্ষ্যত আগুৱাই লৈ যায়। ইয়াৰ লগে লগে আয়াৰে তিনিটা ভিন্ন ফ্ৰেঞ্চাইজিক আই পি এলৰ ফাইনেললৈ লৈ যোৱা প্ৰথমজন অধিনায়ক হিচাপে পৰিগণিত হৈছে।

মুম্বাইয়ে ২০৪ ৰানৰ বিশাল লক্ষ্য নিৰ্ধাৰণ কৰিছিল

বৰষুণৰ বাবে অলপ পলমকৈ আৰম্ভ হোৱা মেচখনত প্ৰথমে বেটিং কৰি মুম্বাই ইণ্ডিয়ানছে ২০৩/৬ ৰান সংগ্ৰহ কৰে। সূৰ্যকুমাৰ যাদৱ (৪৪), তিলক বৰ্মা (৪৪) আৰু নমন ধীৰ (৩৭)ৰ গুৰুত্বপূৰ্ণ অৱদান যোগায়। পাৱাৰপ্লে’ত মুম্বাইয়ে ৬৫ ৰান সংগ্ৰহ কৰে যদিও মাজৰ অভাৰত সূৰ্যকুমাৰ আৰু তিলক বৰ্মাই ইনিংছ স্থিৰ কৰে। শেষ পাঁচ অভাৰত কোনো ছয় হিট নহ’ল, তথাপিও দলটোৱে ২০০ ৰান অতিক্ৰম কৰিলে।

বুমৰাহৰ বিৰুদ্ধে ২০ ৰান সংগ্ৰহ কৰি পঞ্জাবে ছন্দ ধৰিলে

খেলখনত পঞ্জাৱেও দ্ৰুত আৰম্ভণি কৰিছিল। জছপ্ৰিত বুমৰাহৰ এটা অভাৰত জোছ ইংলিছে ২০ ৰান কৰাৰ লগতে পাৱাৰপ্লেত দলটোৱে ৬৪ ৰান সংগ্ৰহ কৰে। মধ্য অভাৰত নেহাল ৱাধেৰা (৪৮) আৰু শ্ৰেয়াছ আয়েৰে ইনিংছ স্থিৰ কৰে। ৰিচ টপলি আৰু ট্ৰেণ্ট ব’ল্টৰ অভাৰত শ্ৰেয়াছে দ্ৰুত ৰান সংগ্ৰহ কৰি মেচখন পঞ্জাৱৰ পক্ষলৈ টানি নিয়ে।

শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্ব আৰু বেটিঙৰ ধুমুহা

অন্তিম অভাৰত আয়াৰে গিয়াৰ সলনি কৰি ১৯ অভাৰত চাৰিটা ছয় মাৰি মেচখন সমাপ্ত কৰে। তেওঁ ৪১টা বলত ৮৭ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল, য’ত ৬টা ছয় আৰু ৪টা চাৰিটা আছিল। এই উজ্জ্বল বিজয়ৰ জৰিয়তে পঞ্জাবে প্ৰথমবাৰৰ বাবে ২০০ ৰানৰ লক্ষ্য খেদি মুম্বাইক পৰাস্ত কৰে।

ইয়াৰ পিছত কি হ’ব?

এতিয়া মঙলবাৰে অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ ফাইনেল, য’ত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু পঞ্জাব কিংছৰ দলে মুখামুখি হ’ব। দুয়োটা দলে আজিলৈকে এটাও খিতাপ জয় কৰিব পৰা নাই, গতিকে এইবাৰ লীগে নতুন বিজয়ী লাভ কৰিব।

চমু স্ক'ৰকাৰ্ড

মুম্বাই ইণ্ডিয়ানছ – ২০৩/৬ (২০ অভাৰ)

তিলক বৰ্মা ৪৪, সূৰ্য্যকুমাৰ যাদৱ ৪৪, নমন ধীৰ ৩৭

আজমতুল্লাহ ওমৰজাই ২/৪৩...

পঞ্জাব কিংছ – ২০৭/৫ (১৯ অভাৰ)

শ্ৰেয়াছ আয়েৰ ৮৭*, নেহাল ৱাধেৰা ৪৮

হাৰ্দিক পাণ্ডিয়া ১/১৯...

ফলাফলঃ ৫ উইকেটত জয়লাভ কৰে পঞ্জাব কিংছ দলে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande