পিএছএল ২০২৫ৰ বাকী মেচসমূহ ইউএইলৈ স্থানান্তৰ, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে লয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত
নতুন দিল্লী, ০৯ মে’ (হি.স.)। পাকিস্তান ছুপাৰ লীগ (পিএছএল)ৰ দশম সংস্কৰণৰ বাকী আঠখন খেল এতিয়া সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ত অনুষ্ঠিত হ’ব। ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাৰ বাবেই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে পাকিস্তান ক্ৰিকেট ব
পিএচএল মেচ


নতুন দিল্লী, ০৯ মে’ (হি.স.)। পাকিস্তান ছুপাৰ লীগ (পিএছএল)ৰ দশম সংস্কৰণৰ বাকী আঠখন খেল এতিয়া সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ত অনুষ্ঠিত হ’ব। ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাৰ বাবেই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে। পিচিবিয়ে আনুষ্ঠানিক বিবৃতিত কয় যে বাকী থকা মেচসমূহৰ তাৰিখ আৰু স্থান অতি সোনকালে ঘোষণা কৰা হ’ব।

ৰাৱালপিণ্ডিৰ মেচ বাতিল, খেলুৱৈসকলৰ উদ্বেগ প্ৰকাশ

বৃহস্পতিবাৰে ৰাৱালপিণ্ডি ষ্টেডিয়ামত কৰাচী কিংছ আৰু পেছাৱৰ জালমীয়ে খেলিব লাগিছিল যদিও ষ্টেডিয়ামৰ চৌহদত ড্ৰ’ন বাগৰি পৰাত জৰুৰী বৈঠক আহ্বান কৰি খেলখন পিছুৱাই দিয়া হয়। এই বৈঠকত পিচিবিৰ অধ্যক্ষ মহছিন নকভি আৰু লীগৰ সৈতে জড়িত বিদেশী খেলুৱৈসকলৰ মাজত আলোচনা হয়, য’ত বেছিভাগ বিদেশী খেলুৱৈয়ে লীগখন ইউএইলৈ স্থানান্তৰিত কৰাৰ দাবী জনায়।

ইউ এ ইত পুনৰ শৰণাগত পিচিএল

ইউ এ ইত পিএছএল অনুষ্ঠিত কৰিবলগীয়া হোৱাটো এইটোৱেই প্ৰথম নহয়। ২০১৬ চনত ইউ এ ইৰ পৰা আৰম্ভ হোৱা এই লীগখন তাতেই প্ৰথম দুটা ছিজন খেলা হৈছিল। ইয়াৰ পিছত ২০২১ চনত কোভিদৰ বাবে ইউ এ ইতো কিছু মেচ অনুষ্ঠিত হৈছিল। এতিয়া আকৌ এবাৰ নিৰাপত্তাজনিত কাৰণত লীগখন পাকিস্তানৰ পৰা বাহিৰলৈ স্থানান্তৰিত কৰা হৈছে।

আন্তঃৰাষ্ট্ৰীয় সময়সূচীও প্ৰভাৱিত হ’ব পাৰে

পিএছএলৰ পিছত পাকিস্তানে ২১ মে’ত বাংলাদেশৰ বিৰুদ্ধে ঘৰুৱা টি-২০ শৃংখলা আয়োজন কৰাৰ কথা আছিল। প্ৰথমখন খেল ২৫ মে’ত ফৈছালাবাদত অনুষ্ঠিত হ’ব লাগিছিল যদিও এতিয়া লীগৰ সূচী সলনি হোৱাৰ বাবে এই ছিৰিজতো প্ৰভাৱ পৰিব পাৰে। এই মুহূৰ্তত পিচিবিয়ে এই সন্দৰ্ভত কোনো চূড়ান্ত সিদ্ধান্ত লোৱা নাই।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande