নতুন দিল্লী, ০৯ মে’ (হি.স.)। চলিত বৰ্ষৰ ২৪ জুনত চেক গণৰাজ্যৰ অষ্ট্ৰাভাত অনুষ্ঠিত হ’বলগীয়া গোল্ডেন স্পাইক ২০২৫ এথলেটিকছ মিটত অংশগ্ৰহণ কৰিব ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ তথা দুবাৰৰ অলিম্পিক পদক বিজয়ী নীৰজ চোপ্ৰাই। ইয়াৰ পূৰ্বে আঘাতৰ বাবে ২০২৩ আৰু ২০২৪ সংস্কৰণৰ পৰা আঁতৰি আহিছিল যদিও এইবাৰ তৃতীয়বাৰৰ বাবে ভাগ্য পৰীক্ষা কৰিব।
দুবাৰ খেলিব নোৱাৰিলে, এতিয়া প্ৰশিক্ষকৰ দেশত দেখাব চমক
টকিঅ’ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাই যোৱা দুবছৰত এই সন্মানীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিলে যদিও ২০২৪ চনত তেওঁ বিশেষ অতিথি হিচাপে তাত উপস্থিত আছিল। এইবাৰ মেচখনো বিশেষ হ’ব কাৰণ এইখন খেল তেওঁৰ কিংবদন্তি প্ৰশিক্ষক তথা প্ৰাক্তন বিশ্ব চেম্পিয়ন জান জেলেজনীৰ ঘৰুৱা খেলপথাৰত অনুষ্ঠিত হ’ব। জেলেজনি নিজেও এই প্ৰতিযোগিতাখনৰ পৰিচালক।
বৃহস্পতিবাৰে এক আনুষ্ঠানিক বিবৃতিত নীৰজে কয় যে, মই ঘোষণা কৰি উৎফুল্লিত যে মই এই বছৰ অষ্ট্ৰাভাত অনুষ্ঠিত হ'বলগীয়া গোল্ডেন স্পাইক মিটত অংশগ্ৰহণ কৰিম। ই এক ঐতিহাসিক প্ৰতিযোগিতা আৰু এইবাৰ ই আৰু অধিক বিশেষ হ'ব। মোৰ প্ৰশিক্ষক জান জেলেজনীয়ে ইয়াত বহুবাৰ জয়লাভ কৰিছে আৰু এতিয়া তেওঁ টুৰ্ণামেণ্টৰ পৰিচালকো।
গোল্ডেন স্পাইক বিশ্ব এথলেটিকছ গোল্ড মিটৰ অংশ
১৯৬১ চনৰ পৰা অনুষ্ঠিত হৈ অহা গোল্ডেন স্পাইক মিটখন হৈছে বিশ্ব এথলেটিকছ কন্টিনেণ্টেল ট্যুৰ গোল্ড লেবেল প্ৰতিযোগিতা, যিখনক ডাইমণ্ড লীগৰ পিছত বিশ্বৰ দ্বিতীয় গুৰুত্বপূৰ্ণ শৃংখলা হিচাপে গণ্য কৰা হয়। এইবাৰ নীৰজে ২০২০ চনৰ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী আৰু চেক গণৰাজ্যৰ ইয়াকুব ভাডলেচৰ দৰে শীৰ্ষ খেলুৱৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব।
ইয়াৰ পূৰ্বে নীৰজে দুখন ডাঙৰ মেচত অংশগ্ৰহণ
গোল্ডেন স্পাইকৰ পূৰ্বে নীৰজক ১৬ মে’ত ডোহা ডাইমণ্ড লীগ আৰু ২৪ মে’ত বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন ‘নীৰাজ চোপ্ৰা ক্লাছিক’ত দেখা যাব। অহা ২৭ মে’ৰ পৰা ৩১ মে’লৈ দক্ষিণ কোৰিয়াৰ গুমিত অনুষ্ঠিত হ’বলগীয়া এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ পৰা তেওঁ আঁতৰি আহিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া