আইচিচি ৰেংকিংঃ স্মৃতি মান্ধনা ১ নং বেটছমেন, বলিংত আলানা কিঙে অন্ত পেলালে এক্লেষ্টোনৰ আধিপত্য
নতুন দিল্লী, ০৩ মাৰ্চ (হি.স.)। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ তাৰকা অ’পেনাৰ স্মৃতি মান্ধনাই আই চি চি মহিলা এদিনীয়া বেটিং ৰেংকিঙত শীৰ্ষ স্থান দখল কৰিছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সদ্য সমাপ্ত তিনিখন এদিনীয়া শৃংখলাত তেওঁৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছত মান্ধনাই ৭
भारतीय बल्लेबाज स्मृति मंधाना


নতুন দিল্লী, ০৩ মাৰ্চ (হি.স.)। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ তাৰকা অ’পেনাৰ স্মৃতি মান্ধনাই আই চি চি মহিলা এদিনীয়া বেটিং ৰেংকিঙত শীৰ্ষ স্থান দখল কৰিছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সদ্য সমাপ্ত তিনিখন এদিনীয়া শৃংখলাত তেওঁৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছত মান্ধনাই ৭৯০ ৰেটিং পইণ্টেৰে ১ নং স্থান দখল কৰে।

দক্ষিণ আফ্ৰিকাৰ ল’ৰা উলভাৰ্ডক (৭৮২ পইণ্ট) অতিক্ৰম কৰে । মাৰ্চ-এপ্ৰিলত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা শৃংখলাৰ সময়ত উলভাৰ্ডে পুনৰ শীৰ্ষস্থান দখল কৰাৰ সুযোগ পাব। অন্তিমখন এদিনীয়াত শতক অৰ্জন কৰাৰ পিছত অষ্ট্ৰেলিয়াৰ এলিছা হিলীয়ে ৭৪৪ পইণ্টেৰে চতুৰ্থ স্থানত আছে। তেওঁৰ পিছতে আছে বেথ মুনী (৭৪৯) আৰু এছলি গাৰ্ডনাৰ (৭২৪)। ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰ নৱম স্থানত থকাৰ বিপৰীতে দ্বাদশ স্থানত আছে জেমিমাহ ৰড্ৰিগেছ।

বলিং ৰেংকিঙত ১ নং আলানা কিং

অষ্ট্ৰেলিয়াৰ লেগ স্পিনাৰ আলানা কিঙে (৭৭৫ পইণ্ট) মহিলাৰ এদিনীয়া বলিং ৰেংকিঙত পুনৰ শীৰ্ষস্থান দখল কৰিছে। ইংলেণ্ডৰ ছফী এক্লেষ্টনৰ প্ৰায় চাৰি বছৰীয়া ৰাজত্বকালৰ অন্ত পেলাই ১ নং বলাৰ হিচাপে। তৃতীয়খন এদিনীয়াত কিঙে ১০ অভাৰত ৩৩ ৰানত ৪টা উইকেটকে ধৰি ৭টা উইকেট দখল কৰি নিজৰ দলটোক ১৮৫ ৰানৰ ব্যাপক জয়লাভ কৰাত সহায় কৰে। এইটোৱেই তেওঁৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ৰেংকিং আৰু প্ৰথমবাৰৰ বাবে ১ নং স্থানত আছে।শীৰ্ষ আঠজন বলাৰৰ ভিতৰত আছে গাৰ্ডনাৰ (তৃতীয়), এনাবেল চাথাৰলেণ্ড (পঞ্চম), মেগান শ্বাট (সপ্তম), আৰু কিম গাৰ্থ (অষ্টম)। বলাৰৰ ৰেংকিঙত দশম স্থানত আছে ভাৰতীয় স্পিনাৰ দীপ্তি শৰ্মা, শীৰ্ষ দহৰ ভিতৰত একমাত্ৰ ভাৰতীয়।

অল ৰাউণ্ডাৰ ৰেংকিংঃ

এদিনীয়া অল ৰাউণ্ডাৰ ৰেংকিঙত ৫১৬ পইণ্টেৰে শীৰ্ষস্থান দখল কৰিছে এছলি গাৰ্ডনাৰে। ৱেষ্ট ইণ্ডিজৰ হেলি মেথিউছ (৪১৮ পইণ্ট)তকৈ প্ৰায় ১০০ পইণ্ট আগবাঢ়ি আছে। অল ৰাউণ্ডাৰ ৰেংকিঙত পঞ্চম স্থানত আছে দীপ্তী শৰ্মা। শেহতীয়া মহিলা ক্ৰিকেট ৰেংকিঙত ভাৰতে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে, বেটিঙৰ ক্ষেত্ৰত স্মৃতি মান্ধনাৰ শীৰ্ষ স্থান দলৰ বাবে গৌৰৱৰ উৎস হৈ পৰিছে ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande