আই পি এলত ঘৰুৱা খেলপথাৰলৈ উভতিল আৰ চি বি, চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব পাঁচখন মেচ
বেংগালুৰু, ০৩ মাৰ্চ (হি.স.)। ডিফেণ্ডিং আই পি এল চেম্পিয়ন ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ অনুৰাগীৰ বাবে এক সুন্দৰ খবৰ। এই ছিজনত দলটোৱে ঘৰুৱা খেলপথাৰ এম চিন্নাস্বামী ষ্টেডিয়ামলৈ উভতি আহিব, য’ত ঘৰুৱা পাঁচখন খেল খেলিব। ফ্ৰেঞ্চাইজিয়ে জাৰি কৰা
आरसीबी


বেংগালুৰু, ০৩ মাৰ্চ (হি.স.)। ডিফেণ্ডিং আই পি এল চেম্পিয়ন ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ অনুৰাগীৰ বাবে এক সুন্দৰ খবৰ। এই ছিজনত দলটোৱে ঘৰুৱা খেলপথাৰ এম চিন্নাস্বামী ষ্টেডিয়ামলৈ উভতি আহিব, য’ত ঘৰুৱা পাঁচখন খেল খেলিব।

ফ্ৰেঞ্চাইজিয়ে জাৰি কৰা এক বিবৃতি অনুসৰি আই পি এল ২০২৬ অভিযানৰ বাকী দুখন ঘৰুৱা মেচ ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত নিৰ্ধাৰিত সময় অনুসৰি অনুষ্ঠিত হ’ব।

কৰ্ণাটক চৰকাৰ, কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থা (কে এছ চি এ), কৰ্ণাটক আৰক্ষীৰ প্ৰতি আৰ চি বিয়ে বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছে। ফ্ৰেঞ্চাইজিৰ মতে, মাহৰ পিছত মাহ ধৰি কৰা কঠোৰ পৰিশ্ৰম আৰু সকলো সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে সমন্বয়ৰ অন্তত এইটো সম্ভৱ হৈছে। আই পি এলৰ ছিজনৰ পূৰ্বে আন্তঃগাঁথনি আৰু নিৰাপত্তাৰ ব্যৱস্থা শক্তিশালী কৰাৰ সামূহিক প্ৰচেষ্টাই দলটোৱে নিজৰ ঘৰুৱা খেলপথাৰত বেছিভাগ মেচ খেলিবলৈ সুবিধা কৰি দিছে।

আৰচিবিৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাজেশ মেননে কয় যে, এম চিন্নাস্বামী ষ্টেডিয়াম কেৱল আমাৰ ঘৰুৱা খেলপথাৰ নহয়, ইয়াতেই আমাৰ দলৰ পৰিচয় সজীৱ হৈ উঠে। বেংগালুৰুৰ আমাৰ অনুৰাগীৰ শক্তি সদায় খেলুৱৈসকলৰ বাবে প্ৰেৰণাৰ উৎস হৈ আহিছে। আমাৰ অনুৰাগীসকলে প্ৰতিটো পৰিস্থিতিৰ মাজেৰে আমাক সহায় কৰি আহিছে, আৰু তেওঁলোকে নিজৰ দলটোক ঘৰুৱা খেলখন দেখাৰ যোগ্য।

তেওঁ লগতে কয়, প্ৰয়োজনীয় অনুমতি আৰু বিশদ আলোচনা সম্পূৰ্ণ কৰাৰ পিছত আমি নিশ্চিত কৰি আনন্দিত হৈছো যে আৰ চি বিয়ে বেংগালুৰুত পাঁচখন মেচ খেলিব। এইটো সম্ভৱ কৰি তোলাত কৰ্ণাটক চৰকাৰ, কে এছ চি এ, আৰু কৰ্ণাটক আৰক্ষীয়ে আগবঢ়োৱা সহায়ৰ বাবে আমি কৃতজ্ঞ।

এই সিদ্ধান্তই ফ্ৰেঞ্চাইজি আৰু ইয়াৰ আবেগিক ঘৰুৱা সমৰ্থকসকলৰ মাজত গভীৰ বন্ধনক আৰু অধিক শক্তিশালী কৰে। চেম্পিয়ন দলটোৱে পুনৰবাৰ নিজৰ দুৰ্গ চিন্নাস্বামী ষ্টেডিয়ামৰ বিৰুদ্ধে যুঁজিবলৈ সাজু।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande