ৰঙিয়াত ডকাইতিৰ ঘটনা
ৰঙিয়াত ডকাইতিৰ ঘটনা।
ৰঙিয়াত ডকাইতিৰ ঘটনা


কামৰূপ, ০৬ মে' (হি.স.): ৰঙিয়াত যোৱা কালি সোমবাৰে সন্ধিয়া ডকাইতিৰ ঘটনা সংঘটিত হয়। ৰঙিয়াৰ মৰাণজানাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হৈছে এই লোম হৰ্ষক ডকাইটি ঘটনা।

চোকা অস্ত্ৰ লৈ সু সজ্জিত হৈ আহিছিল ৬ জনীয়া দুৰ্বৃত্তৰ দল। চোকা অস্ত্ৰ আৰু হাতুৰীৰে মূৰত কোবাই কাঢ়ি নিয়ে গাড়ীত থকা নগদ পাঁচলাখ টকা।ক'লা হেলমেট পৰিধান কৰি অহা ৬ দুৰ্বৃত্তই চাৰিচকীয়া বাহনত থকা ফাইজুল হক নামৰ লোকজনক চোকা অস্ত্ৰৰে মূৰত প্ৰহাৰ কৰি লুটি নিয়ে পাঁচলাখ টকা। মুমূৰ্শ অৱস্থাত পৰি থকা ফাইজুল হকক পথাচাৰিয়ে প্ৰত্যক্ষ কৰে আৰু সংকটজনক অৱস্থাত জিএমচিএইচলৈ প্ৰেৰণ কৰে।ৰঙিয়াৰ জয়ন্তীপুৰ নিবাসী আছিল ফাইজুল হক। ভুক্তভোগী গৰাকীৰ চাৰিচকীয়া বাহন খন ভাঙি চুৰমাৰ কৰে দুৰ্বৃত্তৰ দলটোৱে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande