- কাৰ্যবাহী সঞ্চালক (ইডি) পদৰ বাবে পৰিতোষ কাশ্যপৰ নিযুক্তিৰ ঘোষণা
নতুন দিল্লী, ৩১ মে’ (হি.স.)। ব্যক্তিগত খণ্ডৰ কোটক মহিন্দ্ৰা বেংকৰ উপ-পৰিচালন সঞ্চালক (এম ডি) তথা বেংকৰ ব’ৰ্ডৰ সঞ্চালক শান্তি একাম্বৰমে কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত ৩১ অক্টোবৰত পদৰ পৰা অৱসৰ ল’ব। বেংকৰ কাৰ্যবাহী সঞ্চালক (ইডি) পদৰ বাবে পৰিতোষ কাশ্যপক নিযুক্তি দিয়া হৈছে।
শনিবাৰে শ্বেয়াৰ বজাৰত বেংকটোৱে জনোৱা মতে, শান্তি একাম্বৰমৰ ঠাইত পূৰ্ণকালীন সঞ্চালক (কাৰ্যবাহী সঞ্চালক) আৰু মূল পৰিচালনা কৰ্মী হিচাপে নিযুক্তি দিয়া হ’ব পাইকাৰী বেংকিং গ্ৰুপৰ সভাপতি তথা ব্যৱসায়িক মুৰব্বী পৰিতোষ কাশ্যপক। ইফালে, বেংকটোৰ উপ-পৰিচালন সঞ্চালক (এম ডি) শান্তি একাম্বৰমে ৩১ অক্টোবৰত তেওঁৰ বৰ্তমানৰ কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত অৱসৰ ল’ব।
বিবৃতিটোত কোৱা হৈছে যে একাম্বৰমে ১৯৯১ চনৰ পৰা কোটক গোটৰ সৈতে জড়িত হৈ থকা আৰু যোৱা তিনিটা দশকত গোটটোৰ বৃদ্ধি আৰু প্ৰতিষ্ঠানটোৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ কনজিউমাৰ বেংকিং, কৰ্পৰেট আৰু ইনভেষ্টমেণ্ট বেংকিংকে ধৰি কেইবাটাও ব্যৱসায়িক ইউনিট সফলতাৰে প্ৰতিষ্ঠা আৰু সম্প্ৰসাৰণ কৰে। ২০২২ চনৰ মে’ মাহৰ পৰা ২০২৪ চনৰ ফেব্ৰুৱাৰীলৈকে সম্পূৰ্ণকালীন পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰা একাম্বৰমে ২০১৪ চনৰ এপ্ৰিলৰ পৰা ২০২২ চনৰ মে’ মাহলৈকে কোটক মহিন্দ্ৰা বেংকত গ্ৰাহক বেংকিং ব্যৱসায়ৰ নেতৃত্ব দিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া