নতুন দিল্লী, ২০ মে’ (হি.স.)। আজিৰে পৰা তিনিদিনীয়াকৈ গোৱা ভ্ৰমণ কৰিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ। উপ-ৰাষ্ট্ৰপতি সচিবালয়ে কালি প্ৰকাশ কৰা এক বিবৃতিত এই তথ্য প্ৰদান কৰে। বিবৃতি অনুসৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ২১ মে’ত মৰ্মুগাও বন্দৰ ভ্ৰমণ কৰিব। এই সময়ছোৱাত তেওঁ বন্দৰৰ নতুন প্ৰকল্পসমূহ দেশৰ বাবে উৎসৰ্গা কৰিব।
এই সময়ছোৱাত ধনখৰে মৰ্মুগাও বন্দৰ কৰ্তৃপক্ষৰ জ্যেষ্ঠ বিষয়া-কৰ্মচাৰীৰ সৈতে মত বিনিময় কৰিব। মৰ্মুগাও বন্দৰত ক’ষ্ট গাৰ্ডৰ জাহাজত ভাৰতীয় ক’ষ্ট গাৰ্ডৰ উচ্চপদস্থ বিষয়াৰ সৈতেও ধনখৰে মত বিনিময় কৰিব। ২২ মে’ত উপ-ৰাষ্ট্ৰপতি ধনখৰে আইচিএআৰ-কেন্দ্ৰীয় উপকূলীয় কৃষি গৱেষণা প্ৰতিষ্ঠান (চিচিএআৰআই) পৰিদৰ্শন কৰিব।
ইয়াৰ সময়ত তেওঁ অধ্যাপক আৰু বিজ্ঞানীসকলৰ সৈতে মত বিনিময় কৰিব। গোৱা ভ্ৰমণৰ সময়ত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে গোৱাৰ ৰাজভৱনতো পদাৰ্পন কৰিব। তেওঁ ৰাজভৱন চৌহদত চৰক আৰু সুশ্ৰুতাৰ প্ৰতিমূৰ্তি উদ্বোধন কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া