মণিপুৰঃ জিৰিবাম হত্যা-অগ্নিসংযোগ গোচৰত কেৰালাৰ পৰা গ্ৰেপ্তাৰ প্ৰিপাকৰ মূল অভিযুক্ত
ইম্ফল, ১৯ মে’ (হি.স.)। মণিপুৰৰ জিৰিবাম জিলাত ২০২৪ চনত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ তদন্তত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰা হৈছে। কেৰালাৰ কান্নুৰ জিলাৰ পৰা এই গোচৰৰ মূল অভিযুক্ত ৰাজকুমাৰ মাপাকাছানাক গ্ৰেপ্তাৰ কৰিছে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই। এন আই
আটক


ইম্ফল, ১৯ মে’ (হি.স.)। মণিপুৰৰ জিৰিবাম জিলাত ২০২৪ চনত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ তদন্তত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰা হৈছে। কেৰালাৰ কান্নুৰ জিলাৰ পৰা এই গোচৰৰ মূল অভিযুক্ত ৰাজকুমাৰ মাপাকাছানাক গ্ৰেপ্তাৰ কৰিছে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই।

এন আই এৰ তথ্য অনুসৰি মাপাকাছানা নিষিদ্ধ উগ্ৰপন্থী সংগঠন পিপলছ ৰিভল্যুচনেৰী পাৰ্টি অৱ কাংগলেইপাক (প্ৰিপাক)ৰ সদস্য। কোচিৰ বিশেষ এন আই এ আদালতৰ পৰা তেওঁক ট্ৰেনজিট ৰিমাণ্ডত লৈ শীঘ্ৰে ইম্ফলৰ এন আই এ আদালতত হাজিৰ কৰোৱা হ’ব। তদন্তকাৰী সংস্থাটোৱে কয় যে, ২০২৪ চনৰ নৱেম্বৰ মাহত জয়ৰভান গাঁৱত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ড আৰু অগ্নিসংযোগ কাণ্ডত তেওঁ আছিল মূল ভূমিকা। এই কাণ্ডত জোছাংকিম নামৰ এগৰাকী মহিলাক হত্যা কৰাৰ লগতে কেইবাটাও ঘৰত জুই লগাই লুটপাত কৰা হয়।

এই গ্ৰেপ্তাৰ হৈছে গোচৰ নম্বৰ আৰ চি-১৩/২০২৪/এন আই এ/আই এম পিৰ তৃতীয়টো। ইয়াৰ পূৰ্বে যোৱা সপ্তাহত আন দুজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হৈছিল, যিসকল বিভিন্ন নিষিদ্ধ সংগঠনৰ সৈতে জড়িত। এন আই এয়ে স্পষ্ট কৰি দিয়ে যে এতিয়াও তদন্ত অব্যাহত আছে আৰু আন অভিযুক্তক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰা হৈছে। সংস্থাটোৱে এই কাণ্ডক ভয়ংকৰ অপৰাধ বুলি অভিহিত কৰিছে।

---------------

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande