নতুন দিল্লী, ১৯ মে’ (হি.স.)। লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰ তথা বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰৰ ওপৰত তীব্ৰ আক্ৰমণ চলালে। তেওঁ প্ৰশ্ন কৰে যে আক্ৰমণৰ পূৰ্বে পাকিস্তানক কিয় অৱগত কৰা হৈছিল? তেওঁ ইয়াক ‘অপৰাধ’ বুলি অভিহিত কৰি প্ৰশ্ন কৰে যে ইয়াৰ বাবে কিমান ভাৰতীয় বিমান ধ্বংস হ’ল?
ৰাহুল গান্ধীয়েও দুদিন পূৰ্বে অৰ্থাৎ শনিবাৰে এক্স-পোষ্টৰ জৰিয়তে প্ৰশ্ন উত্থাপন কৰিছিল আৰু বৈদেশিক মন্ত্ৰীৰ বক্তব্যৰ ভিত্তিত প্ৰশ্ন কৰিছিল। সোমবাৰে ৰাহুলে কয়, জয়শংকৰৰ মৌনতা নিন্দনীয়। মই পুনৰ সুধিছো - পাকিস্তানে আগতীয়াকৈ গম পোৱাৰ বাবে আমি কিমান বিমান হেৰুৱালোঁ? তেওঁ কয় যে এইটো কোনো ভুল নহয়, বৰঞ্চ এক গুৰুতৰ অপৰাধ। দেশৰ সত্য জনাৰ অধিকাৰ আছে।
মন কৰিবলগীয়া যে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত আৰু সামৰিক কাৰ্য্যৰ পৰিস্থিতিৰ বিষয়ে কোৱাৰ সময়ত কৈছিল, ...অপাৰেচনৰ আৰম্ভণিতে আমি পাকিস্তানলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছিলোঁ যে আমি সন্ত্ৰাসবাদী আন্তঃগাঁথনি আক্ৰমণ কৰিছো, সেনাবাহিনী নহয় আৰু সেনাই বাহিৰত থিয় হৈ হস্তক্ষেপ নকৰাৰ বিকল্প আছে।
আনহাতে, কংগ্ৰেছে আজি এই বিষয়ত সংবাদমেল অনুষ্ঠিত কৰে। কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই জয়শংকৰৰ বক্তব্যৰ উদ্ধৃতি দি প্ৰশ্ন কৰে- ‘পাকিস্তানৰ প্ৰতি বৈদেশিক মন্ত্ৰীৰ ইমান বিশ্বাস আছিল নেকি যে সন্ত্ৰাসবাদীয়ে তেওঁৰ কথা শুনিব? তেওঁ কয় যে ইয়াক কূটনীতি বুলি কোৱা নহয়, চোৰাংচোৱাগিৰি বুলি কোৱা হয়।
খেদাই কয় যে জয়শংকৰে নিজেই সংবাদ মাধ্যমৰ আগত কৈছিল যে আক্ৰমণৰ পূৰ্বে পাকিস্তানক অৱগত কৰা হৈছিল। পাকিস্তানক এই আক্ৰমণৰ বিষয়ে অৱগত কৰি মছুদ আজহাৰক পুনৰ বচালে বুলি দেশৰ অধিকাৰ নাই নেকি, কাৰণ ইয়াৰ আগতে মাছুদ আজহাৰক কান্দাহাৰ হাইজেকৰ সময়ত মুকলি কৰি দিয়া হৈছিল।
---------------
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া