অমিত শ্বাহে মুকলি কৰিলে নতুন অ’চিআই পৰ্টেল
নতুন দিল্লী, ১৯ মে’ (হি.স.)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে মুকলি কৰে ভাৰতীয় বহিঃৰাজ্যৰ নতুন নাগৰিক পৰ্টেল। এই পৰ্টেলৰ লক্ষ্য হৈছে অ’চিআই কাৰ্ডধাৰীসকলক উন্নত সেৱা প্ৰদান কৰা আৰু তেওঁলোকৰ অভিজ্ঞতা উন্নত কৰা। গৃহ মন্ত্ৰালয়ৰ মতে, যোৱা দশকত
অমিত শ্বাহে মুকলি কৰিলে নতুন অ’চিআই পৰ্টেল


নতুন দিল্লী, ১৯ মে’ (হি.স.)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে মুকলি কৰে ভাৰতীয় বহিঃৰাজ্যৰ নতুন নাগৰিক পৰ্টেল। এই পৰ্টেলৰ লক্ষ্য হৈছে অ’চিআই কাৰ্ডধাৰীসকলক উন্নত সেৱা প্ৰদান কৰা আৰু তেওঁলোকৰ অভিজ্ঞতা উন্নত কৰা।

গৃহ মন্ত্ৰালয়ৰ মতে, যোৱা দশকত হোৱা উল্লেখযোগ্য প্ৰযুক্তিগত উন্নতি আৰু অ’চিআই কাৰ্ডধাৰীৰ পৰা লাভ কৰা প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত বৰ্তমানৰ অভাৱসমূহ দূৰ কৰি ব্যৱহাৰকাৰীৰ অভিজ্ঞতা উন্নত কৰাৰ বাবে এটা নতুন অ’চিআই পৰ্টেল প্ৰস্তুত কৰা হৈছে। নতুন অ’চিআই পৰ্টেল মুকলিয়ে অ’চিআই কাৰ্ডধাৰীসকলক উন্নত সেৱা প্ৰদানৰ লগতে তেওঁলোকৰ অভিজ্ঞতা উন্নত কৰাত সহায় কৰিব।

নতুন পৰ্টেলৰ বৈশিষ্ট্যসমূহ:-

- অ’চিআই কাৰ্ডধাৰীৰ মতামতৰ ভিত্তিত তেওঁলোকৰ প্ৰয়োজন পূৰণৰ বাবে নতুন পৰ্টেলটো প্ৰস্তুত কৰা হৈছে।

- পৰ্টেলটোত শেহতীয়া প্ৰযুক্তিগত উন্নতি ব্যৱহাৰ কৰা হৈছে, যাৰ ফলত ইয়াক অধিক সুৰক্ষিত আৰু ব্যৱহাৰকাৰী-বন্ধুত্বপূৰ্ণ কৰি তোলা হৈছে।

- নতুন পৰ্টেলৰ জৰিয়তে অ’চিআই কাৰ্ডধাৰীয়ে তেওঁলোকৰ সেৱা লাভ কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰা হ’ব।

অ'চিআই কাৰ্ডধাৰীৰ বাবে সুবিধাসমূহ:-

- নতুন পৰ্টেলৰ জৰিয়তে অ’চিআই কাৰ্ডধাৰীয়ে সহজেই আবেদন আৰু নবীকৰণ কৰিব পাৰিব।

- পৰ্টেলত অ'চিআই কাৰ্ডধাৰীসকলৰ বাবে বিতং তথ্য আৰু সমৰ্থন উপলব্ধ হ'ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande