ইম্ফল,১৩ মে (হি.স.)। মনিপুৰত ১.১৬৪ কিলোগ্ৰাম হেৰ'ইন জব্দ, গ্ৰেপ্তাৰ তিনিজন। মনিপুৰত বুজণ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে।
চুৰাচান্দপুৰ জিলাৰ নিউ লামকাত এখন বলেৰ' বাহনত তালাচী চলাই নিৰাপত্তা বাহিনীয়ে জব্দ কৰে ১.১৬৪ কিলোগ্ৰাম হেৰ'ইন। বাহন খনৰ গোপন চেম্বাৰৰৰ পৰা হেৰ'ইন ভৰ্তি ৯৭ টা চাবোনৰ বাকচ জব্দ কৰা হয়।
বাকচ কেইটাৰ পৰা জব্দ কৰা হেৰ'ইনৰ খিনিৰ ওজন ১.১৬৪ কিলোগ্ৰাম । জব্দ কৰা হেৰ'ইন খিনিৰ মূল্য প্ৰায় ১১.০৫ কোটি টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে।
ইফালে, হেৰ'ইন সৰবৰাহ কৰা তিনি জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত লোক কেইজন মিনলুন ভলফেই ,ডেভিড নেহটিন থাং আৰু লুংখোলাল। আটাইকেইজনৰ চুৰাচান্দপুৰ জিলাত। তেওঁ লোকৰ পৰা তিনিটা মোবাইল ফোন আৰু বলেৰ' বাহন খনো জব্দ কৰে আৰক্ষীয়ে
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা