শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব পঞ্চায়ত সন্মিলন
গুৱাহাটী, ১৩ মে' (হি.স.)। গাঁও পঞ্চায়তৰ বিজয় আৰু পৰাজিত সকলো প্ৰাৰ্থীক সম্বৰ্থনা জনাব ৰাজ্যিক বিজেপিয়ে। আনহাতে গাঁও পঞ্চায়তৰ সভাপতি বাচনি হোৱাৰ পিছত পঞ্চায়ত সন্মিলন অনুষ্ঠিত হ’ব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব এই কাৰ্যসূচী। পঞ্চায়ত নিৰ্বাচনত বিজেপি দলে চমকপ্ৰদ ফলাফল প্ৰদৰ্শন কৰাৰ পিছত আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত সাংবাদিকক সম্বোধন কৰি এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই।
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সৈতে একেলগে সংবাদমেলক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে বিজেপি মিত্ৰজোঁটৰ প্ৰতি অসমবাসীয়ে দিয়া মৰমক লৈ ধন্যবাদ জনায়। মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘জিলা পৰিষদত বিজেপি মিত্ৰজোঁটে ৩০০খন আসনত বিজয় নিশ্চিত হৈছে। ইয়াৰে বিজেপিয়ে ২৭২খন আসন, বাকী অগপই ২৮খন আৰু ৰাভা হাচাঙে ৪খন আসন লাভ কৰিছে। ৭৬.২২ % আসনত বিজেপি মিত্ৰজোঁটৰ জয়লাভ কৰিছে। আঞ্চলিক পঞ্চায়ত মুঠ ২১৯২খন আসনৰ বিজেপি মিত্ৰজোঁটে ১৪৩৬ আসন লাভ কৰিছে। বিপৰীতে বিজেপিয়ে ১২৩৫ আৰু অগপই ১৭১খন আঞ্চলিক পঞ্চায়তৰ আসন লাভ কৰিছে। কংগ্ৰেছে পূৰ্বৰ নিৰ্বাচনৰ তুলনাত ৫০% আসন হ্ৰাস হৈছে।’’
সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘সংখ্যালঘু অঞ্চলত কংগ্ৰেছে আসন লাভ কৰিছে। কিন্তু সংখ্যালঘু অঞ্চলত বিজেপিও এইবাৰ ভোট লাভ কৰিছে। কংগ্ৰেছে হিন্দু ভোটাৰৰ স্থানত ভোট লাভ কৰা নাই। বিপৰীতে বিজেপিয়ে সংখ্যালঘু স্থানতো ভোট লাভ কৰিছে। হোজাই, ধিং, চামগুৰি সমষ্টিতো ৩০-৩৫% বিজেপিয়ে ভোট লাভ কৰিবলৈ সক্ষম হৈছে। য’ত আগতে আমি ভোট লাভ কৰা নাছিলো, সেইস্থানতো দ্বিতীয় স্থানত স্থান লাভ কৰিছো। লোকসভা নিৰ্বাচনত কৈ পঞ্চায়তত বহুত বেছি ভোট লাভ কৰিছোঁ। পঞ্চায়তৰ ফলাফল যদি বিধানসভাত হয় তেন্তে ১০৩ খন আসন লাভ কৰিম।’’
সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘অসমবাসীৰ আশীৰ্বাদ নিৰ্মালি হিচাপে তুলি লৈছো। অসমবাসীৰ আশীৰ্বাদ লৈ আগবাঢ়িম। ২০২৬ৰ বাবে নতুন আঁচনিৰ আবেদন প্ৰ-পত্ৰসমূহ দিয়া আৰম্ভ কৰিছোঁ। এতিয়া লৈ আঁচনি প্ৰদান কৰা নাই কিন্তু সেইসমূহ আবেদনকাৰীয়ে যেতিয়া সুবিধা পাব কি হ’ব, সেয়া নক’লেও সকলোৱে বুজিব।’’
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই কয় যে ‘‘চাহ বাগিচা, জনজাতীয়, ছয় জনগোষ্ঠী লোকে হিয়া উজাৰি ভোট প্ৰদান কৰিছে। ১০০% মৰাণ-মটক-কলিতা-চুতীয়া থকা এলেকাত সম্পূৰ্ণ বিজয় লাভ কৰিবলৈ সক্ষম হৈছো। অগপ, ৰাভা হাচাং, গণ শক্তিৰ সতে আমাৰ মিত্ৰতা অতি ভাল আছিল। প্ৰতিটো দলৰ সভাপতি সকলে সুন্দৰভাৱে দলীয় টিকট প্ৰদান কৰিছে। আমাৰ টিকট প্ৰদানক লৈ কোনো স্থানত কোনো অসন্তুষ্টি নাই। মিত্ৰতা, টিকট বিতৰণ আৰু নিৰ্বাচন প্ৰচাৰ অতি নিখুঁত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটাই ভাল প্ৰচাৰ চলাইছে।
মুখ্যমন্ত্ৰীয়ে লগতে জনায় যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত সন্মিলনত দলৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নড্ডা উপস্থিত থাকিব।
মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে লাহে লাহে সংখ্যালঘু অঞ্চলৰ মহিলাসকলে ভোট দিয়া আৰম্ভ কৰিছে। আকাশত মেঘ স্থায়ী নহয়। বিধানসভাত কোনো সংখ্যালঘু মহিলাই কংগ্ৰেছক ভোট নিদিয়ে। যোৰহাটৰ কাৰণে আমি বহুত কাম কৰিব লগা আছে। যোৰহাটত নিৰ্বাচন খেলা নেখেলা পিছৰ কথা।’’ মুখ্যমন্ত্ৰীয়ে কয় যে ৱাৰ্ড মেম্বাৰত পদত মই নোটা ভোট প্ৰদান কৰিছোঁ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী