গৌৰীপুৰ আলমগঞ্জ বজাৰত কৃত্ৰিম বানপানী
ধুবুৰী, ১৩ মে' (হি.স.)। গৌৰীপুৰ আলমগঞ্জ বজাৰত কৃত্ৰিম বানপানী।গড়কাপ্তানী পথত আজি বেৰ দি ব্যৱসায়ী আৰু ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ।স্থানীয় বিধায়ক নিজানুৰ ৰহমানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ।আলমগঞ্জৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন আলমগঞ্জ বজাৰ ফুলকাটাৰী সংযো
গৌৰীপুৰ আলমগঞ্জ বজাৰত কৃত্ৰিম বানপানী


ধুবুৰী, ১৩ মে' (হি.স.)। গৌৰীপুৰ আলমগঞ্জ বজাৰত কৃত্ৰিম বানপানী।গড়কাপ্তানী পথত আজি বেৰ দি ব্যৱসায়ী আৰু ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ।স্থানীয় বিধায়ক নিজানুৰ ৰহমানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ।আলমগঞ্জৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন আলমগঞ্জ বজাৰ ফুলকাটাৰী সংযোগী পথত এক আঠু পানী।

যাতায়ত যোগাযোগৰ ক্ষেত্ৰত প্ৰতিদিনে যমৰ যন্তনা ভূগিছে হেজাৰ হেজাৰ পথচাৰী, স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ লগতে বজাৰখনৰ ব্যৱসায়ী সকল।পানী ওলাই যোৱাৰ কোনো নলা নথকাত গড়কাপ্তানী পথছোৱাত প্ৰায় এমাহ ধৰি জমা হৈ আছে এক আঠু পানী।প্ৰায় ২০০ মিটাৰ পথত জমা হৈ থকা লেতেৰা পানীৰ মাজেৰে এনেদৰে চলিছে যাতায়ত। আনহাতে এই কৃত্ৰিম বানপানীৰ বাবে বন্ধ হ'ব লগা হৈছে শতাধিক দোকান পোহাৰ।এই ক্ষেত্ৰত স্থানীয় বিধায়ক নিজানুৰ ৰহমানৰ বিৰুদ্ধে গুৰুত্ব নিদিয়াৰ অভিযোগ তোলে প্ৰতিবাদী জনতাই।দুই তিনিদিনৰ ভিতৰত পানী ওলোৱাৰ ব্যৱস্থা কৰিবলৈ স্থানীয় বিধায়ক গৰাকী লৈ সময় সীমা বান্ধি দিয়ে প্ৰতিবাদী ৰাইজে।জিলা প্ৰশাসন আৰু বিধায়ক গৰাকীয়ে এনে ভয়াবহ জলন্ত সমস্যাৰ ওপৰত গুৰুত্ব নিদিলে পৰৱৰ্তী সময়ত ব্যৱসায়ী সকলে ৰাইজৰ সহযোগত ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande