সৰসংঘচালক ডা° মোহন ভাগৱতৰ আজিৰে পৰা কাশী ভ্ৰমণ, স্বেচ্ছাসেৱকৰ সৈতে কৰিব মত বিনিময়
- চহৰৰ বিদ্বান লোকসকলক সাক্ষাৎ, শাখাত অংশগ্ৰহণ কৰাৰ লগতে শ্ৰী কাশী বিশ্বনাথ মন্দিৰ দৰ্শন-পূজন বাৰাণসী, ০৩ এপ্ৰিল (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ মুৰব্বী ডা০ মোহন ভাগৱত আজি বিয়লি কাশীত উপস্থিত হ’ব। কটকটীয়া নিৰাপত্তাৰ মাজতে বাবাটপুৰ বিম
डॉ मोहन भागवत


- চহৰৰ বিদ্বান লোকসকলক সাক্ষাৎ, শাখাত অংশগ্ৰহণ কৰাৰ লগতে শ্ৰী কাশী বিশ্বনাথ মন্দিৰ দৰ্শন-পূজন

বাৰাণসী, ০৩ এপ্ৰিল (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ মুৰব্বী ডা০ মোহন ভাগৱত আজি বিয়লি কাশীত উপস্থিত হ’ব। কটকটীয়া নিৰাপত্তাৰ মাজতে বাবাটপুৰ বিমানবন্দৰৰ পৰা তুলসীপুৰ মাহমুৰ্গঞ্জত অৱস্থিত নিবেদিতা শিক্ষা সদনলৈ যাব সংঘৰ মুৰব্বী ডাঃ ভাগৱত। তেওঁ নিবেদিতা সদনত কিছু জিৰণি লোৱাৰ পিছত সন্ধিয়া প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰিব।

সংঘৰ বিষয়ববীয়াই জনোৱা মতে, নিশা বিশ্ৰামৰ পিছত, পুৱাৰ শাখাত অংশগ্ৰহণ কৰিব আৰু তাৰ পিছত তেওঁ কাশী প্ৰদেশৰ জ্যেষ্ঠ প্ৰচাৰক আৰু পদাধিকাৰীসকলৰ সৈতে দুটা অধিবেশনত বৈঠকত মিলিত হ’ব। প্ৰদেশ আৰু বিভাগৰ প্ৰচাৰকসকলকো ইয়াত অন্তৰ্ভুক্ত কৰা হ’ব। সেইদিনা সন্ধিয়া বি এইচ ইউ আই আই টিৰ ছাত্ৰ-ছাত্ৰীৰ সৈতেও মত বিনিময় কৰিব সৰসংঘচালক। কথা-বতৰাৰ পিছত তেওঁ ইয়াত শাখাৰ দলটোক লগ পাব। ইয়াত শিক্ষকসকলো উপস্থিত থাকিব। ৫ এপ্ৰিলত পুৱা শ্ৰী কাশী বিশ্বনাথ মন্দিৰত উপস্থিত হৈ পূজা কৰিব। ইয়াৰ পিছত তেওঁ পৃথক পৃথক বৈঠক অনুষ্ঠিত কৰি কাশীৰ বুদ্ধিজীৱীসকলৰ সৈতেও যোগাযোগ কৰিব। ৬ এপ্ৰিলত সংঘৰ মুৰব্বীগৰাকীয়ে মালদহিয়া লাজপত নগৰলৈ গৈ শাখাত যোগদান কৰিব। ইয়াৰ পিছত তেওঁ নগৰৰ বিদ্বান লোকসকলক সাক্ষাৎ কৰিব। সন্ধিয়া প্ৰাদেশিক দলৰ সৈতে বৈঠক অনুষ্ঠিত কৰিব। অহা ৭ এপ্ৰিলত লক্ষ্ণৌলৈ যোৱাৰ পূৰ্বে তেওঁ কাশী প্ৰদেশৰ অভিজ্ঞ কাৰ্যকৰ্তাৰ এটা দলক লগ কৰি তেওঁলোকক পথ প্ৰদৰ্শন কৰিব। ইয়াৰ পিছত প্ৰাদেশিক দলৰ সৈতেও এখন বৈঠক অনুষ্ঠিত কৰিব পাৰে।

ইফালে সংঘৰ মুৰব্বী ড০ ভাগৱত ৭ এপ্ৰিলৰ সন্ধিয়া বাৰাণসীৰ পৰা লক্ষ্ণৌত উপস্থিত হ’ব । তেওঁ ৩ দিন লক্ষ্ণৌত থাকিব। নিৰাপত্তাৰ ব্যৱস্থাৰ লগতে সংঘৰ মুৰব্বী আৰু তেওঁৰ কাৰ্যসূচীৰ চাৰিদিনীয়া থকাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে। তেওঁৰ নিৰাপত্তাৰ ব্যৱস্থাৰ ডামি ফ্লীট আখৰাও কৰা হৈছে।

সংঘৰ মুৰব্বীগৰাকীৰ কাশীত থকাৰ পৰিপ্ৰেক্ষিতত নিবেদিতা শিক্ষা সদন আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বিশদ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। সংঘৰ শতবাৰ্ষিকী বৰ্ষৰ প্ৰস্তুতি আৰু ভৱিষ্যতৰ কাৰ্য্য পৰিকল্পনা সন্দৰ্ভত মন্থন কৰা হ’ব বুলি ধাৰণা কৰা হৈছে। বিশেষ কথাটো হ’ল এপ্ৰিল মাহত দুবাৰকৈ কাশীলৈ আহিব সংঘৰ মুৰব্বীগৰাকী। তেওঁ অহা ৩০ এপ্ৰিলত কাশীত অনুষ্ঠিত হ’বলগীয়া গণ বিবাহ কাৰ্যসূচীতো অংশগ্ৰহণ কৰিবলৈ আহিব।

हिन्दुस्थान समाचार / Monoj Kumar Saikia


 rajesh pande