শ্ৰীনগৰ, ০৮ এপ্ৰিল (হি.স.)। তিনিদিনীয়া জম্মু-কাশ্মীৰ ভ্ৰমণৰ অন্তিম দিন মঙলবাৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কেইবাটাও উন্নয়নমূলক প্রকল্প আৰু সাম্প্ৰতিক নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে দুখন বৈঠকত মিলিত হয় ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু জম্মু-কাশ্মীৰ প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলেও উন্নয়ন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। একেদৰে আৰক্ষী আৰু সেনাকে ধৰি অন্যান্য নিৰাপত্তা সংস্থাৰ শীৰ্ষ বিষয়াসকলেও নিৰাপত্তা পৰ্যালোচনা বৈঠকত অংশ লয়।
কেন্দ্ৰীয় শাসিত অঞ্চল ভ্ৰমণৰ তিনিদিনীয়া ভ্ৰমণৰ সামৰণিত ইয়াৰ ৰাজভৱনত শ্বাহৰ অধ্যক্ষতাত এখন উন্নয়ন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু জম্মু-কাশ্মীৰ প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলেও অংশগ্ৰহণ কৰা এই বৈঠকত উপ-ৰাজ্যপাল মনোজ সিনহা আৰু মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা উপস্থিত থাকে। দুঘণ্টীয়া উন্নয়ন পৰ্যালোচনা বৈঠকৰ অন্তত কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰাপত্তা পৰিস্থিতিৰ বুজ লোৱাৰ বাবে আন এখন বৈঠক অনুষ্ঠিত হয়। দ্বিতীয়খন বৈঠক আঢ়ৈ ঘণ্টা ধৰি চলিছিল। যদিও মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা নিৰাপত্তা পৰ্যালোচনা বৈঠকৰ অংশ নাছিল, তথাপিও আৰক্ষী আৰু সেনাকে ধৰি অন্যান্য নিৰাপত্তা সংস্থাৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে জম্মু-কাশ্মীৰৰ শান্তি বজাই ৰখাৰ ক্ষেত্ৰত নিৰাপত্তা সংস্থাসমূহে কৰা কামৰ শলাগ লৈ সতৰ্কতা বৃদ্ধি কৰিবলৈ কয়।
সোমবাৰে সন্ধিয়া উপত্যকাত উপস্থিত হোৱা শ্বাহে বিজেপিৰ নেতা আৰু জেডিইউৰ দৰে মিত্ৰ দলকে ধৰি বহু লোকক সাক্ষাৎ কৰে। সোমবাৰে গৃহমন্ত্ৰীগৰাকীয়ে ২০২৩ চনত সন্ত্ৰাসবাদীৰ সৈতে যুঁজি শ্বহীদ হোৱা কীৰ্তি চক্ৰ বঁটা লাভ কৰা উপ আৰক্ষী অধীক্ষক হুমায়ুন মুজাম্মিল ভাটৰ ঘৰত উপস্থিত হয়। ৰাজ ভৱনলৈ যোৱাৰ পূৰ্বে শ্বহীদ আৰক্ষী বিষয়াজনৰ পিতৃ অৱসৰপ্ৰাপ্ত আৰক্ষী মহাপৰিদৰ্শক গুলাম হাছান ভাটৰ সৈতে প্ৰায় ২০ মিনিট সময় কটায়। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগৰ গাদুল গাঁৱৰ আশে-পাশে থকা ঘন বনাঞ্চলত সন্ত্ৰাসবাদীৰ সৈতে যুঁজি শ্বহীদ হোৱা চাৰিজন নিৰাপত্তাৰক্ষীৰ ভিতৰত আছিল মৰণোত্তৰভাৱে কীৰ্তি চক্ৰৰে সন্মানিত হুমায়ুন মুজাম্মিল ভাট।
উল্লেখ্য যে শ্বাহৰ ভ্ৰমণৰ সময়ত সমগ্ৰ কাশ্মীৰত কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে বৃহৎ সংখ্যক সশস্ত্ৰ কৰ্মী মোতায়ন কৰা হৈছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া