9 Jul 2025, 19:00 HRS IST

মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীয়ে ডিব্ৰুগড়ত উদ্বোধন কৰিলে দুখন উৰণীয়া সেতু
ডিব্ৰুগড়, ২৭ এপ্ৰিল (হি.স.)। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ডিব্রুগড়ত ড০ লীলা গগৈ উৰণীয়া সেতু আৰু বাগ্মিবৰ নিলমণি ফুকন উৰণীয়া সেতু উদ্বোধন কৰে ৷ প্ৰায় ১১৭ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই উৰণীয়া
মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীয়ে ডিব্ৰুগড়ত উদ্বোধন কৰিলে দুখন উৰণীয়া সেতু


ডিব্ৰুগড়, ২৭ এপ্ৰিল (হি.স.)। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ডিব্রুগড়ত ড০ লীলা গগৈ উৰণীয়া সেতু আৰু বাগ্মিবৰ নিলমণি ফুকন উৰণীয়া সেতু উদ্বোধন কৰে ৷ প্ৰায় ১১৭ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই উৰণীয়া সেতুসমূহৰ জৰিয়তে মহানগৰবাসীক মসৃণ যাতায়তৰ সুবিধা প্ৰদান কৰা হ’ব আৰু যান-জঁটো হ্ৰাস কৰা হ’ব।

এই উপলক্ষে ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'পৰিবহনৰ জৰিয়তে ৰূপান্তৰ'ৰ দৃষ্টিভংগীৰ পৰা অনুপ্ৰাণিত হৈ ডিব্ৰুগড়ৰ পথ সংযোগক এক নতুন গতি প্ৰদান কৰা হৈছে। আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ড° লীলা গগৈ আৰু বাগ্মিবৰ নীলমণি ফুকনৰ নামেৰে এই দুখন ফ্লাইঅ'ভাৰ জনতাৰ বাবে উচৰ্গা কৰি গৌৰৱ অনুভৱ কৰিছো।

সোণোৱালে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সদিচ্ছা, দূৰদৰ্শিতা আৰু সততাৰ বাবেই যোৱা দশকত সমগ্ৰ উত্তৰ-পূব আৰু ডিব্ৰুগড়ত সামগ্ৰিক উন্নয়ন, সমৃদ্ধি আৰু স্থায়ী শান্তিৰ পৰিৱেশ গঢ় লৈ উঠিছে। যোৱা মাহত ডিব্ৰুগড়ৰ পৰা আফছপাক আঁতৰাই কেন্দ্ৰীয় চৰকাৰে প্ৰগতি আৰু শান্তিৰ বাৰ্তা প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বৰ শক্তিশালী নেতৃত্বত অসমৰ পথ সংযোগৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি হৈছে । ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সচিবালয় স্থাপনৰ লগে লগে উচ্চ অসমৰ বহু জিলাৰ ৰাইজে চৰকাৰী সেৱা ক্ষিপ্ৰতাৰে লাভ কৰিবলৈ সক্ষম হৈছে। ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানী ৰূপে গঢ়ি তোলাৰ দিশত গ্ৰহণ কৰা এই পদক্ষেপে প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰিব।

তেওঁ কয়, এই উৰণীয়া সেতুসমূহৰ নাম অসমৰ দুগৰাকী মহান সাহিত্যিকৰ নামেৰে সন্মানিত কৰা হৈছে। আমাৰ ভাষা-সংস্কৃতি আৰু কলাক্ষেত্ৰৰ মহান ব্যক্তিসকলৰ অৱদানক চিৰস্থায়ী কৰি তোলাৰ এই পদক্ষেপ এক প্ৰশংসনীয় প্ৰচেষ্টা। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত উত্তৰ-পূবলৈ যি শান্তি আৰু প্ৰগতিৰ সৃষ্টি হৈছে, তাৰ পৰা অনুপ্ৰাণিত হৈ আমি সকলোৱে একত্ৰিত হৈ উন্নয়নৰ পথত আগবাঢ়িব লাগে।

এই উপলক্ষে অসম চৰকাৰৰ মন্ত্ৰী - প্ৰসন্ত ফুকন আৰু ৰূপেশ গোৱালা, ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক - পোনাকন বৰুৱা, বিনোদ হাজৰিকা, তৰংগ গগৈ আৰু চক্ৰধৰ গগৈ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতন হাজৰিকা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande