শ্ৰীনগৰ, ২৬ এপ্ৰিল (হি.স.)। কাশ্মীৰৰ কুপৱাৰা জিলাত শনিবাৰে নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান ভাঙি বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী উদ্ধাৰ কৰে। ঘটনাস্থলীৰ পৰা নিৰাপত্তাৰক্ষীয়ে ৫টা এ কে ৪৭ ৰাইফল, ৮টা এ কে ৪৭ মেগজিন, এটা পিষ্টল আৰু এটা পিষ্টল মেগজিন উদ্ধাৰ কৰে।
শুকুৰবাৰে এজন আৰক্ষী বিষয়াই জনোৱা মতে, নিৰ্দিষ্ট চোৰাংচোৱাৰ ভিত্তিত উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ মুস্তাকাবাদ মাছিল (সমছা বেহাক বনাঞ্চল)ৰ ছেদোৰী নল্লাৰ বনাঞ্চলত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰে। অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান সফলতাৰে ধৰা পৰা বুলিও তেওঁ জানিবলৈ দিয়ে। বিষয়াগৰাকীয়ে জনোৱা মতে, সন্ত্ৰাসবাদী আত্মগোপনস্থলীৰ তালাচীৰ সময়ত স্থানৰ পৰা ৫টা এ কে ৪৭ ৰাইফল, আঠটা এ কে ৪৭ মেগজিন, এটা পিষ্টল, এটা পিষ্টল মেগজিন, ৬৬০ জাঁই গুলী, এটা পিষ্টল গুলী আৰু ৫০ ৰাউণ্ড এম ৪ গুলীসহ বৃহৎ অস্ত্ৰ আৰু গোলাবাৰুদ জব্দ কৰা হৈছে। গোলাবাৰুদ জব্দ কৰাৰ পিছতে আত্মগোপন কৰা ঠাইখন ধ্বংস কৰা বুলিও তেওঁ জানিবলৈ দিয়ে।
বিশেষকৈ অঞ্চলটোৰ শান্তি-শৃংখলা বিঘ্নিত কৰাৰ লক্ষ্যৰে সন্ত্ৰাসবাদীয়ে কার্যকলাপ চলাবলৈ সাজু হোৱাৰ ইংগিতৰ পৰিপ্ৰেক্ষিতত এয়া এক বৃহৎ সফলতা বুলিও তেওঁ কয়। তেওঁ কয় যে নিৰাপত্তা বাহিনীৰ সময়োপযোগী ব্যৱস্থাই এনে কুৎসিত ডিজাইনক ডাঙৰ আঘাত দিছে আৰু সাধাৰণ নাগৰিকৰ জীৱন আৰু জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি সম্ভাৱ্য ভাবুকি ৰোধ কৰিছে।
উল্লেখযোগ্য যে মঙলবাৰে বিয়লি দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ পৰ্যটন চহৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হয়, যাৰ বেছিভাগেই পৰ্যটক। এই গুলীচালনাত বহু লোকো আহত হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া