দ্বাৰকা, ২৬ এপ্ৰিল (হি.স.)। দ্বাৰকাৰ শাৰদাপীঠৰ শংকৰাচাৰ্য স্বামী সদানন্দ সৰস্বতীয়ে যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি উদ্বেগ প্ৰকাশ কৰিছে। শংকৰাচাৰ্যই কয় যে ভাৰতৰ দৰে গণতান্ত্ৰিক দেশ এখনৰ বাবে ধৰ্মৰ বিষয়ে সুধি সুধি মানুহক হত্যা কৰাটো চিন্তনীয় বিষয়। দ্বাৰকাপীঠৰ শংকৰাচাৰ্যই দেশবাসীক একত্ৰিত হৈ সন্ত্ৰাসবাদৰ উপযুক্ত উত্তৰ দিবলৈ আহ্বান জনাইছে। শংকৰাচাৰ্যই কয় যে এনে পৰিবেশত সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মাতি নিজৰ ভাৰতীয়ত্ব প্ৰমাণ কৰাটো সকলোৰে পৰা আশা কৰা হয়।
শংকৰাচাৰ্যই কয় যে আজি আমাৰ তিনিটা সেনা ইমানেই শক্তিশালী যে বিৰোধীৰ মুখামুখি যুঁজ দিয়াৰ সাহস নাই। বিদেশী ষড়যন্ত্ৰকাৰীয়ে ভাৰতক দুৰ্বল কৰাৰ বাবে সন্ত্ৰাসবাদৰ আশ্ৰয় লৈ এই ধৰণৰ কাম কৰি আছে। আমাৰ ঐক্যই তেওঁলোকৰ উত্তৰ। সকলো হিন্দুৱে দলীয় মনোভাৱৰ ওপৰত উঠি ইয়াৰ উপযুক্ত উত্তৰ দিব লাগে।
শংকৰাচাৰ্যই কয় যে আমি বিচাৰো হিন্দু সমাজত সনাতন ধৰ্মৰ অনুগামীসকলে তেওঁলোকৰ সনাতন ধৰ্ম বাসুধৈৱ কুটুম্বকমৰ ধাৰণা গ্ৰহণ কৰক। আমাৰ কাৰো প্ৰতি ঘৃণাৰ অনুভূতি নাথাকে। কিন্তু, আমাৰ নিজকে ৰক্ষা কৰাৰ অধিকাৰ থকা উচিত। আমি যেনেকৈ স্বাধীনতাৰ অধিকাৰ পাইছিলোঁ, ঠিক তেনেদৰে ধৰ্ম পালনৰ স্বাধীনতাও থাকিব লাগে।
আমাৰ ঐক্যই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ আটাইতকৈ ডাঙৰ শক্তি। ভাৰতত বাস কৰা যিকোনো সম্প্ৰদায়ৰ লোকে সন্ত্ৰাসবাদীক উৎসাহিত কৰাৰ অধিকাৰ নাই। আমি সকলোৱে আধ্যাত্মিক মানুহ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া