থাইলেণ্ডত বিমান দুৰ্ঘটনাত ৬ আৰক্ষী বিষয়াৰ মৃত্যু
বেংকক, ২৬ এপ্ৰিল (এইচ এছ)। শুকুৰবাৰে পুৱা থাইলেণ্ড উপসাগৰত ( DHC-6-400 Twin Otter) এখন সৰু আৰক্ষী বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত বিমানখনত থকা ছয়জন আৰক্ষী বিষয়াৰ আটাইকেইজনৰ মৃত্যু হয়। থাইলেণ্ডৰ ১৯১ নং জৰুৰীকালীন কেন্দ্ৰই পুৱা ৮.১৫ বজাত এই দ
থাইলেণ্ডত বিমান দুৰ্ঘটনাত ৬ আৰক্ষী বিষয়াৰ মৃত্যু


বেংকক, ২৬ এপ্ৰিল (এইচ এছ)। শুকুৰবাৰে পুৱা থাইলেণ্ড উপসাগৰত ( DHC-6-400 Twin Otter) এখন সৰু আৰক্ষী বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত বিমানখনত থকা ছয়জন আৰক্ষী বিষয়াৰ আটাইকেইজনৰ মৃত্যু হয়। থাইলেণ্ডৰ ১৯১ নং জৰুৰীকালীন কেন্দ্ৰই পুৱা ৮.১৫ বজাত এই দুৰ্ঘটনাৰ খবৰ দিয়ে। কেন্দ্ৰটোৰ মতে, বেবী গ্ৰেণ্ড হুয়া হিন হোটেলৰ পৰা প্ৰায় ১০০ মিটাৰ দূৰত্বত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈ থাইলেণ্ড উপসাগৰত পৰি যায়।

বেংকক পোষ্ট কাকতখনে প্ৰকাশ কৰা অনুসৰি ফেটচাবুৰীৰ বিলৰ কাষৰীয়া চা-আম জিলাত অৱস্থিত বেবী গ্ৰেণ্ড হুয়া হিন হোটেল। বিমানখনত তিনিজন আৰক্ষী পাইলট, দুজন মেকানিক আৰু এজন অভিযন্তা আছিল। থাইলেণ্ড আৰক্ষীৰ মুখপাত্ৰ পল লেফটেনেণ্ট জেনেৰেল আৰ্চায়ন ক্ৰাথঙে কয় যে পেৰাচুট প্ৰশিক্ষণ অনুশীলনৰ প্ৰস্তুতিৰ বাবে বিমানখন পৰীক্ষামূলক বিমানত উঠিছিল।

ঘটনাস্থলীতে ৫জন বিষয়াৰ মৃত্যু হয়। গুৰুতৰভাৱে আহত পাইলট পল কেপ্তেইন চাতুৰং ৱাটানাপাইছাৰ্ণক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তাতেই আবেলি প্ৰায় ৪ বজাত তেওঁৰ মৃত্যু হয়। থাইলেণ্ডৰ আৰক্ষী অধীক্ষক কিথাৰাট পুনপেচে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে। তেওঁ কয় যে প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে বিমানখনে ভাৰসাম্য হেৰুৱাই ৰাণৱে এৰি যোৱাৰ কিছু সময়ৰ পিছতে উপসাগৰত পৰি যায়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande