শ্ৰীনগৰ, ২৬ এপ্ৰিল (হি.স.)। কাশ্মীৰ উপত্যকাৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষত অপ্ৰৰোচিত গুলীচালনাৰ আশ্ৰয় লৈ পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰে। ভাৰতীয় সেনাই ইয়াৰ উপযুক্ত উত্তৰ দিলে।
শ্ৰীনগৰস্থিত এজন প্ৰতিৰক্ষা বিষয়াই জনোৱা মতে, ২৫-২৬ এপ্ৰিলৰ নিশা কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে একাধিক পাকিস্তান সেনা প’ষ্টে অপ্ৰৰোচিত গুলীচালনা কৰে। তেওঁ কয় যে সেনা জোৱানসকলেও যুদ্ধবিৰতি উলংঘাৰ প্ৰতি সঁহাৰি জনাই বিহিত ব্যৱস্থা গ্ৰহণ কৰে। গুলীচালনাত কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই বুলিও তেওঁ কয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া