হেম্পটন, ২৫ এপ্ৰিল (হি.স.)। ভাৰ্জিনিয়াৰ লেংলি বায়ুসেনা ঘাটিত বৃহস্পতিবাৰে বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত এৰোবেটিক পাইলট ৰব হলেণ্ডৰ মৃত্যু হয়। এই সপ্তাহৰ শেষৰ ফালে তেওঁ এয়াৰশ্ব’ত অংশগ্ৰহণ কৰাৰ কথা আছিল। ৰব হলেণ্ডৰ ইনষ্টাগ্ৰাম একাউণ্টত তেওঁৰ মৃত্যু নিশ্চিত হৈছে।
এবিচি নিউজৰ মতে, ইনষ্টাগ্ৰাম একাউণ্টৰ পোষ্টটোত কোৱা হৈছে যে ৰব হলেণ্ড বিমান পৰিবহণৰ ইতিহাসৰ অন্যতম সন্মানীয় আৰু প্ৰেৰণাদায়ক এৰোবেটিক পাইলট আছিল। তেওঁ আছিল নম্ৰ স্বভাৱৰ ব্যক্তি। তেওঁৰ একমাত্ৰ লক্ষ্য আছিল কালিৰ তুলনাত ভাল কাম কৰা।
ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনে জনোৱা মতে, বৃহস্পতিবাৰে দুপৰীয়াৰ কিছু সময়ৰ পূৰ্বে এই দুৰ্ঘটনা সংঘটিত হয়। ৰবে ঘাটিত অৱতৰণ কৰিবলৈ চেষ্টা কৰাৰ সময়তে এক আসনৰ পৰীক্ষামূলক এমএক্স বিমান এমএক্সএছ দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাটোৰ তদন্ত অব্যাহত আছে। শনিবাৰ আৰু দেওবাৰে ঘাটিটোত অনুষ্ঠিত হ’বলগীয়া এয়াৰ পাৱাৰ অভাৰ হেম্পটন ৰোডছ এয়াৰশ্ব’ত অংশগ্ৰহণ কৰাৰ কথা আছিল হলেণ্ডে। হলেণ্ডৰ ৱেবছাইট অনুসৰি তেওঁ ১৩বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰীয় এৰোবেটিক চেম্পিয়ন আছিল। শ্ব’টোৰ আয়োজক আন্তঃৰাষ্ট্ৰীয় এৰোবেটিক ক্লাবৰ সভাপতি জিম ব’ৰ্কে এক বিবৃতিত কয় যে ৰবক বন্ধু, গুৰু, নেতা আৰু উদ্ভাৱক হিচাপে স্মৰণ কৰা হ’ব। ৰবৰ পৰিয়ালে যি দুখ অনুভৱ কৰিছে সেয়া শব্দৰে বৰ্ণনা কৰিব নোৱাৰি।”
মন কৰিবলগীয়া যে লেংলি বায়ুসেনা ঘাটি চেচাপিক উপসাগৰৰ দক্ষিণ-পশ্চিম পাৰৰ ওচৰত অৱস্থিত। এই ইনষ্টলেচনত এফ-২২ ৰেপ্টৰ যুঁজাৰু বিমানৰ এটা স্ক্ৱাড্ৰন আছে। ইয়াৰে এটাই ২০২৩ চনত আটলাণ্টিকৰ ওপৰত চীনৰ চোৰাংচোৱা বেলুন গুলীয়াই ভূপাতিত কৰিছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া