-পেহেলগাম আক্ৰমণৰ আন্তঃৰাষ্ট্ৰীয় তদন্তৰ দাবী প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ
ইছলামাবাদ, ২৬ এপ্ৰিল (হি.স.)। জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত অভিযোগেৰে আগুৰি থকা পাকিস্তানে বিদেশী সংবাদ মাধ্যমৰ আশ্ৰয় লৈছে। এই অজুহাতত তেওঁৰ পুৰণি অভ্যাস অনুসৰি ভাৰতৰ বিৰুদ্ধে ৰাগ আওৰাইছে। আমেৰিকাৰ বাতৰি কাকত দ্য নিউয়ৰ্ক টাইমছক দিয়া এক সাক্ষাৎকাৰত দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে ভাৰতৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰি পেহেলগাম আক্ৰমণৰ আন্তঃৰাষ্ট্ৰীয় তদন্তৰ দাবী জনাইছে।
খোৱাজাৰ এই সাক্ষাৎকাৰটো ডন কাকতৰ প্ৰতিবেদনত চৰ্চা কৰা হৈছে। ইয়াত কোৱা হৈছে যে ২২ এপ্ৰিলত পেহেলগামত সংঘটিত আক্ৰমণত ২৬ জন লোক নিহত হৈছিল। তেওঁলোকৰ অধিকাংশই আছিল পৰ্যটক। ২০০০ চনৰ পিছত এইটোৱেই আটাইতকৈ মাৰাত্মক সশস্ত্ৰ আক্ৰমণ। এই আক্ৰমণৰ দায়িত্ব ৰেজিষ্টেন্স ফ্ৰণ্টে (টি আৰ এফ) লৈছে। এই আক্ৰমণৰ পিছত দুয়োখন দেশে ইজনে সিজনৰ বিৰুদ্ধে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। পাকিস্তানে শিমলা চুক্তি স্থগিত ৰাখি ভাৰতীয় বিমান সেৱাৰ বাবে আকাশমাৰ্গ বন্ধ কৰি দিছে।
শুকুৰবাৰে দ্য নিউয়ৰ্ক টাইমছক দিয়া এক সাক্ষাৎকাৰত আছিফে কয় যে আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষকৰ যিকোনো তদন্তত পাকিস্তানে “সহযোগ কৰিবলৈ সাজু”। পহলগামৰ ঘটনাই ভাৰতক অজুহাত দিছে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ। আছিফে কয় যে পাকিস্তানে পানীৰ ‘যুদ্ধ’ আৰম্ভ হোৱাটো নিবিচাৰে। আছিফে স্পষ্ট কৰি দিয়ে যে নিষিদ্ধ সংগঠন লস্কৰ-ই-তৈবা নিষ্ক্ৰিয় হৈ পৰিছে। পাকিস্তানৰ পৰা আক্রমণৰ পৰিকল্পনা বা সংঘটিত কৰাৰ কোনো ক্ষমতা নাই৷ লস্কৰৰ একাংশ লোকক গৃহবন্দী কৰি একাংশক আটক কৰি ৰখা হৈছে।
আছিফে সাক্ষাৎকাৰত বিশ্ববাসীক জনাবলৈ চেষ্টা কৰিছে যে এই আক্ৰমণ ভাৰত চৰকাৰে নিজেই সংঘটিত কৰিছে। ভাৰতে বিগত দশক ধৰি এই সন্ধিৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰি আহিছে। এতিয়া এই আক্ৰমণৰ অজুহাতত তেওঁ এটা সুযোগ পাইছে। স্কাই নিউজৰ সৈতে হোৱা এক সুকীয়া সাক্ষাৎকাৰত প্ৰতিৰক্ষা মন্ত্ৰী আছিফে ভাৰতে পাকিস্তানক আক্ৰমণ কৰিলে যুদ্ধৰ সূচনা হ’ব পাৰে বুলি সকীয়াই দিছে। তেওঁ কয় যে এই অঞ্চলত বৃহৎ পৰিসৰৰ সামৰিক সংঘাতৰ সম্ভাৱনাক লৈ বিশ্বই চিন্তিত হোৱা উচিত।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া