ইছলামাবাদ, ২৫ এপ্ৰিল (হি.স.)। ভাৰতৰ জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়ে আজি পাকিস্তান সংসদৰ উচ্চ সদন চেনেট (আইৱান-ই-বালা)ত আলোচনা কৰা হয়। এই আক্ৰমণত পাকিস্তান জড়িত থকাৰ ভাৰতৰ অভিযোগ নাকচ কৰি ছিনেটে সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গৃহীত কৰে। ছিনেটে এই অভিযোগক ভিত্তিহীন আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰে।
জিঅ’ নিউজৰ মতে, ছিনেটত গৃহীত প্ৰস্তাৱটোত সকলো ধৰণৰ সন্ত্ৰাসবাদক গৰিহণা দিয়া হৈছে। ইয়াত জোৰ দিয়া হৈছিল যে নিৰীহ সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱাটো পাকিস্তানৰ মৌলিক মূল্যবোধৰ বিৰুদ্ধে। এই আক্ৰমণৰ পিছত ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ ঘোষণাত ক্ষুব্ধ হৈ পাকিস্তানী নেতাসকলে ছিনেটত ইয়াক গৰিহণা দিয়ে। এই প্ৰস্তাৱত সকীয়াই দিয়া হৈছে যে পাকিস্তানে যিকোনো আগ্ৰাসনৰ প্ৰতি সঁহাৰি জনাবলৈ সক্ষম। ইয়াৰ মাজতে পুৰণি সুৰটো গোৱা হয় আৰু কাশ্মীৰী জনসাধাৰণৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ অদম্য সমৰ্থন পুনৰাবৃত্তি হয়।
উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ইছহাক দাৰে ছিনেটত কয় যে যদিও ভাৰতে প্ৰত্যক্ষভাৱে পাকিস্তানৰ নাম লোৱাৰ পৰা বিৰত আছে, তথাপিও কোনো প্ৰমাণ নোহোৱাকৈয়ে ভাৰতে পাকিস্তানৰ ফালে আঙুলিয়াই দিছে। ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ বৈঠকৰ সিদ্ধান্তৰ বিষয়েও সদনক অৱগত কৰে দাৰে। এই তথ্য কালি ২৬খন দেশক দিয়া হৈছে। বাকীখিনি আজি দিয়া হ’ব। তেওঁ কয় যে চৌদি আৰৱৰ বৈদেশিক মন্ত্ৰীয়ে সন্ধিয়া ৭ বজাত আলোচনাৰ সময় নিৰ্ধাৰণ কৰিবলৈ অনুৰোধ জনাইছে। ভাবুকিৰ সুৰত দাৰে কয় যে পাকিস্তানৰ সশস্ত্ৰ বাহিনী সম্পূৰ্ণ সাজু।
ছিনেটত বিৰোধী দলৰ নেতা শ্বিবলী ফৰাজে কয় যে এই প্ৰস্তাৱে বিৰোধীসকললৈ এক ঐক্যবদ্ধ বাৰ্তা প্ৰেৰণ কৰে। তেওঁ অভিযোগ কৰে যে ভাৰতে সন্ত্ৰাসবাদৰ নামত পাকিস্তানক অহৰহ বদনাম কৰে। পাকিস্তান পিপলছ পাৰ্টিৰ চিনেটৰ শ্বেৰী ৰেহমানেও প্ৰতিষ্ঠানিক নেতাসকলৰ মত প্ৰতিধ্বনিত কৰে। তেওঁ কয় যে পাকিস্তানে সন্ত্ৰাসবাদৰ বিষয়ত ভাৰতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিল যদিও কোনো সঁহাৰি নিদিলে। ইফালে আৱামী নেচনেল পাৰ্টিৰ সভাপতি আইমল ৱালীয়ে কয় যে যুদ্ধই কাৰো লাভ নকৰে।
তেওঁ কয় যে দুয়োখন দেশৰ ইজনে সিজনক সম্পূৰ্ণৰূপে ধ্বংস কৰিব পৰাকৈ যথেষ্ট ক্ষমতা আছে। ভাৰতত শান্তি বিচৰা, অহিংসাৰ নীতি অনুসৰণ কৰা আৰু সন্ত্ৰাসবাদৰ বিৰোধিতা কৰাসকলক যুদ্ধৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনায়। তেওঁ কয় যে ভাৰতৰ সৈতে যিকোনো আলোচনাত অংশগ্ৰহণ কৰিবলৈ তেওঁ সাজু। তেওঁ ভাৰত, চীন, আফগানিস্তান আৰু ইৰাণৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ আকাংক্ষা পুনৰবাৰ উল্লেখ কৰে। তেওঁ কয় যে পাকিস্তানে পৰিৱেশ নষ্ট কৰাৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰা উচিত কাৰণ ইয়াৰ ফলত অৱশেষত দেশখনৰ ক্ষতি হ’ব। পাকিস্তানে ৱাগাহ সীমান্ত বন্ধ কৰাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে ৱালীয়ে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া