ৱাশ্বিংটন, ২৫ এপ্ৰিল (হি.স.)। শেহতীয়াকৈ ইউক্ৰেইনত কৰা আক্ৰমণৰ পিছতে ৰাছিয়াক কঠোৰ সতৰ্কবাণী জাৰি কৰিছে আমেৰিকাই। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কঠোৰ স্থিতি গ্ৰহণ কৰি কয় যে যদি ইউক্ৰেইনৰ সৈতে শান্তি চুক্তি নহয় তেন্তে ৰাছিয়াই নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে। অৱশ্যে পিছত ট্ৰাম্পে সাংবাদিকৰ আগত কয় যে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ বন্ধ কৰাৰ বাবে ৰাছিয়াই তেওঁৰ আবেদনক গুৰুত্বসহকাৰে ল’ব বুলি তেওঁৰ বিশ্বাস। দুয়োখন দেশৰ মাজত চুক্তি এতিয়াও সম্ভৱ।
এবিচি নিউজৰ তথ্য অনুসৰি বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে আমেৰিকাই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ বন্ধ কৰিবলৈ ৰাছিয়াক হেঁচা অব্যাহত ৰাখিছে। ট্ৰাম্পে দাবী কৰে যে আমি ৰাছিয়াৰ ওপৰত কিমান হেঁচা প্ৰয়োগ কৰিছো আপোনালোকৰ কোনো ধাৰণা নাই। ট্ৰাম্পক সোধা হৈছিল যে ইউক্ৰেইনৰ সৈতে শান্তি পৰিকল্পনাত উপনীত হ’বলৈ ৰাছিয়া চৰকাৰে কি কি ৰেহাই দিছে? এই সন্দৰ্ভত তেওঁ স্পষ্ট উত্তৰ নিদিলে। ট্ৰাম্পে কয় যে তেওঁ বৃহস্পতিবাৰে দ্য আটলাণ্টিক কাকতৰ মুখ্য সম্পাদক জেফ্ৰি গোল্ডবাৰ্গক সাক্ষাৎ কৰিবলৈ ওলাইছে, যিজনক অজানিতে চিগনেল চেটত অন্তৰ্ভুক্ত কৰা হৈছিল।
উল্লেখযোগ্য যে এই চেটত প্ৰতিৰক্ষা সচিব পিট হেগছেথকে ধৰি আমেৰিকাৰ প্ৰতিৰক্ষা বিষয়াসকলে য়েমেনত হুতী বিদ্ৰোহীক আক্ৰমণ কৰাৰ পৰিকল্পনাৰ বিষয়ে চৰ্চা কৰিছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া