ৰিয়াধ, ২১ এপ্ৰিল (হি.স.)। ছৌদি আৰৱত সংঘটিত ভয়াবহ পথ দুৰ্ঘটনাত তিনিগৰাকী মহিলাসহ পাঁচগৰাকী পাকিস্তানী উমৰা তীৰ্থযাত্ৰী নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। এই লোকসকল আল-বদৰৰ পৰা মদিনালৈ বাছেৰে গৈ আছিল। বাছ আৰু ট্ৰেইলাৰৰ সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।
পাকিস্তানৰ নিউজ চেনেল এ আৰ ৱাই নিউজৰ তথ্য অনুসৰি নিহতসকলৰ ভিতৰত আছে তিনিগৰাকী মহিলা আৰু দুজন বৃদ্ধ পুৰুষ। উদ্ধাৰকাৰী বিষয়াসকলে নিশ্চিত কৰিছে যে আহতসকলৰ ভিতৰত মহিলা, শিশু আৰু বৃদ্ধসকলো আছে। লগে লগে চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। নিহত মহিলা কেইজন বাহাৱালনগৰৰ সমীপৰ ২২৮/৯-আৰ আৰু ২০১ মুৰাদ গাঁৱৰ, আনহাতে পুৰুষকেইজন ৩৯/৩-আৰ আৰু দহৰনৱালাৰ বাসিন্দা।
পাকিস্তান নেচনেল এচেম্বলীৰ অধ্যক্ষ আয়াজ ছাদিকে এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰি বিদায়ী আত্মাৰ শান্তি আৰু আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰে। লগতে তেওঁ ছৌদি আৰৱত থকা পাকিস্তানৰ দূতাবাসক নিহতসকলৰ পৰিয়ালক সম্পূৰ্ণ সহায় আগবঢ়াবলৈ আৰু আহতসকলক সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়ে।
‘এ আৰ ৱাই নিউজ’ৰ তথ্য অনুসৰি পাকিস্তানৰ ব্যক্তিগত ট্যুৰ অপাৰেটৰৰ অপব্যৱস্থাপনাৰ বাবে এইবাৰ প্ৰায় ৬৭ হাজাৰ পাকিস্তানী তীৰ্থযাত্ৰী হজ যাত্ৰাত যাব পৰা নাই। এই সংকটৰ বাবেই তীৰ্থযাত্ৰীৰ পৰা সংগ্ৰহ কৰা ৩৬ বিলিয়ন পাকিস্তানী টকাও ছৌদি আৰৱত আবদ্ধ হৈ আছে। খবৰ অনুসৰি ছৌদি চৰকাৰে এই ধন ঘূৰাই দিবলৈ অস্বীকাৰ কৰিছে আৰু ইয়াৰ পৰিৱৰ্তে অহা বছৰৰ তীৰ্থযাত্ৰাৰ বাবে ধন সালসলনি কৰাৰ প্ৰস্তাৱ দিছে।
খবৰ অনুসৰি পাকিস্তানৰ হাজ নীতি ২০২৫ অনুমোদন কৰাত পলম হোৱাৰ বাবে ব্যক্তিগত অপাৰেটৰসকলে সময়মতে আবেদন দাখিল কৰিব পৰা নাছিল। যদিও এই ধন চৌদি আৰৱলৈ হস্তান্তৰ কৰা হৈছিল, তথাপিও অপৰ্যাপ্ত সময়ৰ বাবে আৰু সময়মতে চৌদি কৰ্তৃপক্ষৰ সৈতে ব্যৱস্থাৰ সমন্বয় সাধন নকৰাৰ বাবে প্ৰস্তুতি অসম্পূৰ্ণ হৈ পৰিছিল।
সূত্ৰই জনোৱা মতে, ছৌদি চৰকাৰৰ সৈতে তৎকালীন যোগাযোগ আৰু সমন্বয়ৰ অভাৱে বিষয়সমূহ আৰু জটিল কৰি তুলিছে। পাকিস্তানৰ ধৰ্মীয় পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে একাংশ ব্যক্তিগত কোম্পানীয়ে আদালতৰ নিৰ্দেশ লাভ কৰি ব্যক্তিগত হাজ কোটা আবণ্টন বন্ধ কৰি দিছে। ফলত ব্যক্তিগত অপাৰেটৰৰ জৰিয়তে বছৰি তীৰ্থযাত্ৰা কৰা ৯০ হাজাৰ পাকিস্তানীৰ তুলনাত এইবাৰ ব্যক্তিগত আঁচনিৰ অধীনত মাত্ৰ ২৩,৬২০ গৰাকী হজযাত্ৰীয়েহে ২০২৫ হজ্জ কৰিবলৈ সক্ষম হ’ব ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া