বেংক অৱ বৰোদাত এল আই চিৰ অংশীদাৰিত্ব ৭.০৫ শতাংশলৈ বৃদ্ধি
নতুন দিল্লী, ২১ এপ্ৰিল (হি.স.)। ৰাজহুৱা খণ্ডৰ বীমা কোম্পানী ভাৰতীয় জীৱন বীমা নিগমে ৰাজহুৱা খণ্ডৰ বেংক অৱ বৰোদা (বি অ’ বি)ৰ অংশীদাৰিত্ব প্ৰায় দুশতাংশ বৃদ্ধি কৰি ৭.০৫ শতাংশলৈ বৃদ্ধি কৰিছে। সোমবাৰে এল আই চিয়ে ষ্টক এক্সচেঞ্জসমূহক নিয়ন্ত্ৰণমূলক ফাইলি
এল আই চি


নতুন দিল্লী, ২১ এপ্ৰিল (হি.স.)। ৰাজহুৱা খণ্ডৰ বীমা কোম্পানী ভাৰতীয় জীৱন বীমা নিগমে ৰাজহুৱা খণ্ডৰ বেংক অৱ বৰোদা (বি অ’ বি)ৰ অংশীদাৰিত্ব প্ৰায় দুশতাংশ বৃদ্ধি কৰি ৭.০৫ শতাংশলৈ বৃদ্ধি কৰিছে।

সোমবাৰে এল আই চিয়ে ষ্টক এক্সচেঞ্জসমূহক নিয়ন্ত্ৰণমূলক ফাইলিঙত জনোৱা মতে, ডেৰ বছৰৰ সময়ছোৱাত মুক্ত বজাৰৰ পৰা জীৱন বীমা কোম্পানীটোৱে ১০.৪৫ কোটি অতিৰিক্ত শ্বেয়াৰ ক্ৰয় কৰিছে, যাৰ ফলত বেংক অৱ বৰোডাৰ অংশীদাৰিত্ব ৫.০৩ শতাংশৰ পৰা ৭.০৫ শতাংশলৈ বৃদ্ধি পাইছে। এইদৰে কোম্পানীটোৱে বেংক অৱ বৰোদাত নিজৰ অংশীদাৰিত্ব প্ৰায় দুশতাংশ বৃদ্ধি কৰিছে।

বীমা কোম্পানীটোৱে এক বিবৃতিত কয় যে ২০২৩ চনৰ ২০ নৱেম্বৰৰ পৰা ২০২৫ চনৰ ১৬ এপ্ৰিলৰ ভিতৰত কৰা অধিগ্ৰহণৰ ফলত মুম্বাইস্থিত বেংক অৱ বৰোদাত এল আই চিৰ অংশীদাৰিত্ব ৫.০৩ শতাংশৰ পৰা ৭.০৫ শতাংশলৈ বৃদ্ধি পাইছে। মুক্ত বজাৰ ক্ৰয়ৰ জৰিয়তে এই অংশীদাৰিত্ব অধিগ্ৰহণ কৰা হৈছিল। বম্বে ষ্টক এক্সচেঞ্জ (বিএছই)ত বেংক অৱ বৰোদাৰ শ্বেয়াৰৰ মূল্য ৩.০৯ শতাংশ বৃদ্ধিৰে প্ৰতিটো শ্বেয়াৰে ২৫০.২০ টকাত ব্যৱসায় কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande