নতুন দিল্লী, ০৯ মে’ (হি.স.)। ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা আৰু সংঘাত বৃদ্ধিৰ আশংকাৰ মাজতে ঘৰুৱা শ্বেয়াৰ বজাৰত অৱনতি ঘটিছে। আজি সপ্তাহটোৰ শেষৰটো ব্যৱসায়িক দিনত বম্বে ষ্টক এক্সচেঞ্জৰ চেন্সেক্সৰ মূল্য ৫৪৮.১২ পইণ্ট বা ০.৬৮ শতাংশ হ্ৰাস পাই ৭৯,৭৮৬.৬৯ টকাত ট্ৰেণ্ড কৰিছে। একেদৰে নেশ্যনেল ষ্টক এক্সচেঞ্জৰ নিফটিও ২৪,১২১.৩০ৰ স্তৰত ব্যৱসায় কৰি আছে, যিটো ১৫২.৫০ পইণ্ট অৰ্থাৎ ০.৬৩ শতাংশ হ্ৰাস পাইছে।
চেন্সেক্সৰ ৩০টা ষ্টকৰ ভিতৰত ২৫টা ষ্টক ডাউন হোৱাৰ বিপৰীতে নিফটিৰ ৫০টা ষ্টকৰ ভিতৰত ৪৫টা ষ্টক ডাউন। চেন্সেক্সত তালিকাভুক্ত কোম্পানীসমূহৰ ভিতৰত পাৱাৰ গ্ৰীড, আইচিআইচিআই বেংক, টাটা ষ্টীল, আদানি প’ৰ্টছ, বাজাজ ফিনচাৰ্ভ, আল্ট্ৰাটেক চিমেণ্ট, ইটাৰ্নেল আৰু নেচলেৰ শ্বেয়াৰ হ্ৰাস পাইছে। অৱশ্যে লাৰ্চেন এণ্ড টৌব্ৰ’ আৰু টাইটানৰ শ্বেয়াৰ চাৰি শতাংশতকৈ অধিক বৃদ্ধি পাইছে। টাটা মটৰছ, এছিয়ান পেইণ্টছ, কোটক মহিন্দ্ৰা বেংক আৰু ষ্টেট বেংক অৱ ইণ্ডিয়াৰ শ্বেয়াৰ লাভজনক।
ইয়াৰ উপৰিও এছিয়াৰ শ্বেয়াৰ বজাৰত দক্ষিণ কোৰিয়াৰ কস্পি, চাংহাই এছ এছ ই কম্পোজিট আৰু হংকঙৰ হাং চেঙৰ লোকচান হোৱাৰ বিপৰীতে জাপানৰ নিকেই ২২৫ৰ লাভ দেখা গৈছে। মন কৰিবলগীয়া যে ইয়াৰ এদিন পূৰ্বে বি এছ ই চেন্সেক্স ৪১২ পইণ্ট হ্ৰাস পাই ৮০,৩৩৫ পইণ্টত বন্ধ হোৱাৰ বিপৰীতে এন এছ ই নিফটি ১৪১ পইণ্ট হ্ৰাস পাই ২৪,২৭৪ পইণ্টত বন্ধ হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া