আই পি এল ২০২৫: আৰ চি বিৰ বিৰুদ্ধে খেলৰ পৰা সঞ্জু চেমছন বাহিৰ, নেতৃত্বত ৰিয়ান পৰাগ
নতুন দিল্লী, ২১ এপ্ৰিল (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ত ৰাজস্থান ৰয়েলছ বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। আঘাতৰ বাবে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ মেচখনত অংশগ্ৰহণ কৰিব নোৱাৰিব দলৰ অধিনায়ক সঞ্জু চেমছনে। সো
সঞ্জু চেমছন


নতুন দিল্লী, ২১ এপ্ৰিল (হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ত ৰাজস্থান ৰয়েলছ বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। আঘাতৰ বাবে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ মেচখনত অংশগ্ৰহণ কৰিব নোৱাৰিব দলৰ অধিনায়ক সঞ্জু চেমছনে। সোমবাৰে এই কথা আনুষ্ঠানিকভাৱে নিশ্চিত কৰে ৰাজস্থান ফ্ৰেঞ্চাইজিয়ে।

ৰাজস্থান ৰয়েলছে এক বিবৃতিত কয় যে, সঞ্জু চেমছন বৰ্তমান আৰোগ্য প্ৰক্ৰিয়া চলি আছে আৰু দলৰ চিকিৎসা কৰ্মচাৰীৰ সৈতে নিজৰ ঘৰুৱা ঘাটিতে থাকিব। তেওঁ বাংগালুৰুলৈ নাযায়।

উল্লেখ্য যে দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলখনৰ সময়ত সঞ্জুৰ পেটৰ অংশত সামান্য বিষ অনুভৱ হৈছিল, তাৰ পিছত তেওঁৰ স্কেন কৰা হৈছিল। ইয়াৰ বাবেই শেষৰখন মেচ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে খেলিব নোৱাৰিলে।

সঞ্জু চেমচনৰ অনুপস্থিতিত পুনৰবাৰ দলৰ নেতৃত্ব দিব ৰিয়ান পৰাগে। আনকি ছিজনৰ প্ৰথম তিনিখন মেচত যেতিয়া সঞ্জু চেমছনে উইকেট ৰক্ষকৰ দায়িত্ব পালন কৰিব নোৱাৰিলে (সোঁ তৰ্জনী আঙুলিৰ ভাঙন আৰু অস্ত্ৰোপচাৰৰ বাবে) তেতিয়াও ৰিয়ানে অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিছিল।

২০২৫ চনৰ আই পি এলত সঞ্জু চেমছনে এই পৰ্যন্ত ৭খন খেলত ২২৪ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ গড় ৩৭.৩৩ আৰু ষ্ট্ৰাইক ৰেট ১৪০তকৈ অধিক। এই সময়ছোৱাত তেওঁ এটা অৰ্ধশতকো অৰ্জন কৰিছে। তেওঁৰ ফৰ্ম দলৰ বাবে গুৰুত্বপূৰ্ণ আছিল যদিও এতিয়া আঘাতৰ বাবে তেওঁৰ অনুপস্থিতিয়ে দলৰ বাবে ডাঙৰ ক্ষতিৰ সন্মুখীন হ’ব পাৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande