22 Jul 2025, 19:23 HRS IST

দ্বিতীয় দিনা বাঢ়িল ‘কেছাৰী অধ্যায় ২’ ছবিখনৰ উপাৰ্জন
জলিয়ানৱালা বাগ হত্যাকাণ্ডৰ আধাৰত নিৰ্মিত অক্ষয় কুমাৰৰ ছবি ‘কেছাৰী: অধ্যায় ২’ৰ দ্বিতীয় দিনাৰ সংগ্ৰহৰ পৰিসংখ্যা প্ৰকাশ পাইছে। প্ৰথম দিনৰ তুলনাত ছবিখনৰ দ্বিতীয় দিনৰ সংগ্ৰহ বৃদ্ধি পাইছে। প্ৰথম দিনৰ তুলনাত দ্বিতীয় দিনাৰ সংগ্ৰহ ৩০ শতাংশ বৃদ্ধি পাইছে।
‘কেছাৰী অধ্যায় ২’ ছবি


জলিয়ানৱালা বাগ হত্যাকাণ্ডৰ আধাৰত নিৰ্মিত অক্ষয় কুমাৰৰ ছবি ‘কেছাৰী: অধ্যায় ২’ৰ দ্বিতীয় দিনাৰ সংগ্ৰহৰ পৰিসংখ্যা প্ৰকাশ পাইছে। প্ৰথম দিনৰ তুলনাত ছবিখনৰ দ্বিতীয় দিনৰ সংগ্ৰহ বৃদ্ধি পাইছে। প্ৰথম দিনৰ তুলনাত দ্বিতীয় দিনাৰ সংগ্ৰহ ৩০ শতাংশ বৃদ্ধি পাইছে। মাধৱন, অক্ষয় কুমাৰ আৰু অনন্যা পাণ্ডে অভিনীত আৰ ‘কেছাৰী: অধ্যায় ২’ ১৮ এপ্ৰিল শুকুৰবাৰে মুক্তি পাইছিল। প্ৰথম দিনাই ভাল প্ৰদৰ্শন কৰিলে ছবিখনে।

‘কেছাৰী: অধ্যায় ২’ ছবিখনে পুনৰবাৰ দৰ্শকৰ মাজলৈ লৈ আহিছে ১৯১৯ চনত, দেশৰ স্বাধীনতা আন্দোলনৰ সময়ত, জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ ভয়ানক পৰিঘটনাৰ কাহিনী। এই ছবিখনত অক্ষয় কুমাৰক ব্ৰিটিছ শাসনৰ বিৰুদ্ধে আদালতৰ কাষ চাপি ন্যায় আৰু সত্যৰ বাবে যুঁজ দিয়া জ্যেষ্ঠ অধিবক্তা চি শংকৰণ নায়াৰৰ চৰিত্ৰত দেখা গৈছে। এই আদালতৰ নাটকখনত আৰ মাধৱনে ব্ৰিটিছ ৰাজৰ অধিবক্তা নেভিল মেককিনলিৰ চৰিত্ৰত অভিনয় কৰিছে, আনহাতে অনন্যা পাণ্ডেকক এই ঐতিহাসিক গোচৰত অক্ষয়ক সহায় কৰা দিলৰিট গিল নামৰ সহকাৰী অধিবক্তা হিচাপে দেখা যাব। কৰণ সিং ত্যাগীৰ পৰিচালক আৰু ধৰ্ম প্ৰডাকচনৰ বেনাৰত প্ৰযোজনা কৰা এই ছবিখন।

সাকনিলকৰ এক প্ৰতিবেদন অনুসৰি ‘কেছাৰী: অধ্যায় ২’ ছবিখনে দ্বিতীয় দিনা ৯.৫০ কোটি টকা উপাৰ্জন কৰিছে। গুড ফ্ৰাইডেৰ বাবে শুকুৰবাৰ বন্ধ আছিল, তথাপিও প্ৰথম দিনটোৰ সংগ্ৰহ দ্বিতীয় দিনটোতকৈ কম আছিল। ‘কেছাৰী: অধ্যায় ২’ ছবিখনৰ প্ৰথম দিনৰ সংগ্ৰহৰ মূল্য আছিল ৭.৭৫ কোটি টকা। ছবিখনৰ দুদিনীয়া উপাৰ্জন এতিয়া ১৭.২৫ কোটি টকা হৈছেগৈ।

কোৱা হৈছে যে ‘কেছাৰী: অধ্যায় ২’ ছবিখনৰ বাজেট ২৮০ কোটি টকা। তাৰ তুলনাত এই ছবিখনে দুদিনত মাত্ৰ ১৭ কোটি টকাহে উপাৰ্জন কৰিছে। যোৱা দুদিনৰ তুলনাত এই দেওবাৰে ছবিখনৰ উপাৰ্জন বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ছবিখনে বাজেট আদায় কৰিবলৈ বক্স অফিচত ভাল প্ৰদৰ্শন কৰিব লাগিব। যোৱা ৫ বছৰত অক্ষয় কুমাৰৰ প্ৰায় সকলো ছবিয়েই ফ্লপ হৈছে, অতি সোনকালেই গম পোৱা যাব যে তেওঁৰ ফ্লপ ছবিৰ ছিৰিজ ‘কেছাৰী: অধ্যায় ২’ৰ সৈতে শেষ হ’ব নে নহয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande