গুৱাহাটী, ১৯ এপ্ৰিল (হি.স.)। মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে তীৰৰ জুৱাত জড়িত বুকি গণেশ বিশ্বকৰ্মা নামৰ জুৱাৰীজনক গ্ৰেপ্তাৰ কৰে। তেওঁ মূলতঃ ধেমাজিৰ তেলাম নেপালী বস্তিৰ বাসিন্দা আৰু বৰ্তমান জাপৰিগোগৰ চিৰিয়াখানা পথত বাস কৰিছিল।
আৰক্ষীয়ে তেওঁৰ পৰা চাৰিখন হাতেৰে নিৰ্মিত বহী (তীৰ নম্বৰ থকা), ৯খন তীৰৰ স্লিপ, নগদ ১০,১৫০ টকা, এটা জিপিএছ স্ক্যানাৰ আৰু এটা এণ্ড্ৰইড মোবাইল ফোন উদ্ধাৰ কৰে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া