বিশ্বনাথ, ১৬ এপ্ৰিল (হি.স.)। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগৰ বিয়োগত সমগ্ৰ ৰাজ্যখনতে শোঁকৰ ছাঁ পৰিছে ৷ প্ৰয়াত ছাত্ৰ নেতা গৰাকীৰ বিয়োগত মৰ্মাহত বিভিন্ন ভাষাভাষীৰ ৰাইজ ৷ মৰ্মাহত ৰাইজে অসমৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৷ তদনুৰূপ বিশ্বনাথৰ বালিচাংতো মংগলবাৰ সন্ধিয়া আয়োজন কৰা হৈছে প্ৰয়াত প্ৰদীপ নাগৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ স্থানীয় ৰাইজে আদিবাসী ছাত্ৰনেতা গৰাকীৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ , বন্তি প্ৰজ্বলন , পুষ্পাঞ্জলি অৰ্পণেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
লগতে তেওঁৰ আত্মাৰ চিৰশান্তি কামনাৰে ভগৱানৰ ওচৰত এক মিনিট সময় মৌন প্ৰাৰ্থনা জনাই ৷ শোক সন্তপ পৰিয়ালবৰ্গলৈও সমবেদনা জ্ঞাপন কৰে ৰাইজে ৷ আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰহ্লাদ মিলি , বালিচাং আৰক্ষী বিষয়া জোনমনি দাস , অৱসৰপ্ৰাপ্ত শিক্ষক ক্ষেমৰাজ ছেত্ৰী , শিক্ষক তৰুণ বৰুৱা , মিখাইল তিৰ্কি বিশিষ্ট সমাজকৰ্মী সুভাষ বাস্কে , শিৱনাথ প্ৰজাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে আদিবাসী ছাত্ৰ নেতাগৰাকীৰ কৰ্মময় জীৱনৰ ওপৰত আলোকপাত কৰি বক্তব্য ৰাখে ৷ এগৰাকী বলিষ্ঠ জাতীয় সংগঠক , আদিবাসী জনগোষ্ঠীৰ ওপৰত থকা তেওঁৰ দায়বদ্ধতাৰ লগতে অসমৰ প্ৰতিটো জনগোষ্ঠীৰে সুচিন্তক , শ্ৰদ্ধা , ভ্ৰাতৃত্ববোধ , আৰু জাতীয় সত্বাক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ৰাইজে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ